ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট  অভয়াপুৰীৰ কৃষ্টি শিখাই

অতি কম সময়ত ৪৮খন দেশৰ ৰাজধানীৰ নাম উল্লেখ 

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ এগৰাকী কণমানিয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নিজৰ নাম সন্নিবিষ্ট কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে ।অতি কম সময়ত এছিয়া মহাদেশৰ দেশৰ ৰাজধানীৰ নাম উল্লেখ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিব’লৈ সক্ষম হয় ।কণমানি গৰাকী অভয়াপুৰীৰ পাৰ্থ অধিকাৰী আৰু ড° বন্দনা কলিতাৰ জীয়ৰী কৃষ্টিশিখা অধিকাৰী । কণমানি কৃষ্টিশিখা অধিকাৰীয়ে  মাত্ৰ সাত বছৰ বয়সতে এই বিশেষ সফলতা বুটলিবলৈ সক্ষম হৈছে ।জনা মতে ,কণমানি কৃষ্টিশিখাই মাত্ৰ ৪৮ ছেকেণ্ডত এছিয়া মহাদেশৰ ৪৮খন দেশৰ ৰাজধানীৰ নাম উল্লেখ কৰে ।অতি কম সময়ত এছিয়া মহাদেশৰ ৪৮ খন দেশৰ ৰাজধানীৰ নাম উল্লেখ কৰাৰ বাবেই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ নিজৰ নাম সন্নিবিষ্ট কৰে কণমানি গৰাকীয়ে।ইতিমধ্যে, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কতৃপক্ষই কৃষ্টিশিখাক পদক, মানপত্ৰ প্ৰদান কৰে ।উল্লেখ্য যে, সৰুৰে পৰাই অতি তীক্ষ্ণ বুদ্ধিৰ কনমানি কৃষ্টিশিখা অধিকাৰীয়ে বৰ্তমান  অভয়াপুৰীৰ  লিটিল ফ্লোৱাৰ ইংলিছ হাইস্কুলত প্ৰথম শ্ৰেণীত অধ্যয়নৰত ।কণমানি কৃষ্টিশিখাই ছবি অংকন, নৃত্য-গীত আদিতো আছে বিশেষ প্ৰতিভা ।বিভিন্ন মঞ্চত কৃষ্টিশিখাই  নৃত্য-গীত পৰিৱেশন কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে ।কণমানি গৰাকীৰ পাৰদৰ্শিতাৰ আৰঁত মাতৃ তথা চলন্তাপাৰাৰ
মহাত্মা গান্ধী মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ বন্দনা কলিতাই অৰিহণা যোগাইছে ।

প্ৰেৰকঃ টিংকু চন্দ্ৰ দাস, যোগীঘোপা