আধাৰশিলা স্থাপন কৰিবলৈ গৈ জনৰোষত বিধায়ক শুকুৰ আলী আহমেদ

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পূর্বে মন্ত্রী–বিধায়কসকল্ নিজৰ নিজৰ সমষ্টিত আধাৰশিলা স্থাপনত নামি পৰা পৰিলক্ষিত হৈছে৷ পিছ পৰি থকা নাই বৰপেটা জিলাৰ ৪৭নং চেঙা বিধানসভা সমষ্টিৰ কংগ্রেছী বিধায়ক শুকুৰ আলী আহমেদ৷ পিছে আধাৰশিলা স্থাপন কৰিবলৈ গৈ বিধায়কগৰাকী নিজ সমষ্টিতে ৰাইজৰ ৰোষত পৰে৷ কালি সমষ্টিটোৰ দক্ষিণ পাৰৰ খোলাবান্ধাত এম জি এনৰেগা কামৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰে তেওঁ৷ সমাগত নির্বাচনৰ বাবেই আধাৰশিলাৰ ল’লীপপ আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰি ক্ষুণ্ণ হৈ একাংশই হাতে–হাতে ক’লা পতাকা লৈ বিধায়ক শুকুৰ আলীৰ বিৰুদ্ধে ৰাজপথত টায়াৰ জ্বলাই প্রতিবাদো সাব্যস্ত কৰে৷ শুকুৰ আলী মুর্দাবাদ, শুকুৰ আলীক নালাগে, শুকুৰ হাটাও চেঙা বচাওঁ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷