কৰিমগঞ্জত ১ কোটি ৩০ লক্ষ টকাৰ ইয়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ১

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ  ড্ৰাগছ সৰবৰাহ সংক্ৰান্ত নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি কালি নিশাৰ ভাগত বিএছএফ জোৱান আৰু আৰক্ষীয়ে অভিযান চলাই কৰিমগঞ্জ জিলাৰ চৰগোলা-কালিগঞ্জ পথত বৃহৎ পৰিমাণৰ ইয়াবা টেবলেটৰ সৈতে এজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।ইয়াবা টেবলেট থকা চোৰাং ব্যৱসায়ীজনক হুণ্ডাই ইয়ন গাড়ীৰ (এএছ-04-এম-0551) পৰা গ্ৰেপ্তাৰ কৰা হয়। বিএছএফ আৰু আৰক্ষীয়ে কৰিমগঞ্জৰ কালিগঞ্জ বজাৰৰ ওচৰৰ পীৰৰচক বজাৰত গাড়ীখন তন্নতন্ন কৈ তালাচী চলাই এখন কাৰ্টনত লুকুৱাই থোৱা ইয়াবা টেবলেট উদ্ধাৰ কৰে। কাৰ্টুনৰ পৰা ২৬ হাজাৰ ইয়াবা টেবলেট জব্দ কৰা হয়। টেবলেটখিনিৰ আনুমানিক মূল্য ১.৩০ কোটি টকা। গ্ৰেপ্তাৰ কৰা ব্যক্তিজন হৈছে মাৰ্ফুজা আহমেদ (১৮)। ঘৰ কৰিমগঞ্জ জিলাৰ কালিগঞ্জৰ কুদ্ৰাকান্দিত ।