কলিয়াবৰত ভয়াৱহ দুৰ্ঘটনা, শিশু-মহিলাসহ ৩গৰাকী লোক নিহত

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ কলিয়াবৰৰ বাগৰি আৰক্ষী চকী অন্তৰ্গত নহৰুবস্তিত ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত শিশু-মহিলাসহ তিনিগৰাকী লোক। নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। নিহত মহিলাগৰাকীৰ নাম নাজমা বেগম, মৃত শিশুটি এলিছা হাজৰিকা, আৰু পুৰুষজন নলবাৰীৰ নয়ন বৈশ্য বুলি চিনাক্ত কৰা হৈছে।

নিশা পথৰ দাঁতিত ৰৈ থকা এখন চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাকত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ AS-02T-4775। আনহাতে দুৰ্ঘটনাত আন তিনিজন লোক আহত হয়। আহতসকলক তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।