মহামৃত্যুঞ্জয় যজ্ঞৰ তৃতীয় দিনাও উদুলি–মুদুলি নৰসিংহ ক্ষেত্র

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰী নৰসিংহ ক্ষেত্রত বিশ্বৰ সর্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰত যোৱা ২৭ ফেব্রুৱাৰীৰ পৰা স্থিৰ প্রাণ প্রতিষ্ঠা মহোৎসৱত চলি থকা মহা মৃত্যুঞ্জয় যজ্ঞৰ আজি তৃতীয় দিনা ভাৰতবর্ষৰ বিভিন্ন প্রান্তৰ পৰা অহা চাৰি শতাধিক পণ্ডিতৰ মন্ত্রধবনিত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰাৰ লগতে উদুলি–মুদুলি পৰিৱেশৰ সৃষ্টি হয়৷ আজি পুৱা ৬ বজাত পণ্ডিতসকলৰ নগৰ পৰিক্রমা আৰু বেদধ্বনিৰ পাছতেই ৮ বজাৰ পৰা অনুষ্ঠিত হয় কুম্ভ অভিষেক৷ এই কুম্ভ অভিষেকৰ পাছতেই যজ্ঞত আহুতি প্রদান কার্যসূচী, দুপৰীয়া ১২.৩০ বজাত বিষ্ণু সহস্র নামপাঠ কার্যসূচী অনুষ্ঠিত হয়৷ সন্ধিয়া ৬ বজাত মৃত্যুঞ্জয় মন্দিৰত আৰতি পাঠ কৰা হয়৷ আজিৰ দিনজোৰা কার্যসূচীত অসমৰ লগতে ভাৰতবর্ষৰ বিভিন্ন প্রান্তৰ পৰা অহা ভক্তপ্রাণ লোক উপস্থিত থাকি পৱিত্র ভূমিত নিজৰ মনোকামনা পূৰণৰ বাবে প্রার্থনা জনায়৷ কাইলৈ পুৱা ৬ বজাত নগৰ পৰিক্রমা, বেদধ্বনি, ১০.৩০ বজাত বেদ আৰু বিজ্ঞানৰ ওপৰত এখন আলোচনা–চক্র অনুষ্ঠিত হ’ব৷ শিক্ষা বিভাগৰ অৱসৰপ্রাপ্ত সঞ্চালক সতীশ চন্দ্র শর্মাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব লগা আলোচনা–চক্রত আলোচক হিচাপে উপস্থিত থাকিব হোজাই ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ অমলেন্দু চক্রৱর্তী, যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ লক্ষীকান্ত ভট্টাচার্যৰ লগতে পণ্ডিত লক্ষ্মী নাৰায়ণ শর্মা৷ উল্লেখ্য যে এই আলোচনা–চক্রত বেদ যে প্রকৃততে বিজ্ঞান সেই বিষয়ৰ ওপৰত আলোচনা অনুষ্ঠিত হ’ব৷