ডিব্ৰুগড়ৰ বিন্ধাকটা মুলুক গাঁৱৰ ১২০ ঘৰ পৰিয়াললৈ পাইপযোগে ঘৰুৱা গেছৰ যোগান

অসম গেছ কোম্পানীৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ লভ্যাংশ ৫ কোটি ৭ লাখ ৪৩ হাজাৰ ৪৭০ টকা চেকযোগে প্ৰদান

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ অধীনস্থ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানীয়ে কালি সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড় জিলাৰ বিন্ধাকটা মুলুক গাঁৱত পাইপযোগে ঘৰুৱা গেছ যোগানৰ শুভাৰম্ভ কৰে । ইয়াৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । শুভ উদ্বোধনী দিনাই ২৫ টাকৈ পৰিয়ালৰ গৃহত ঘৰুৱা গেছ যোগান ধৰা হয় । অনাগত সময়ত গাঁওখনৰ প্ৰায় ১২০ টা পৰিয়ালৰ গৃহ সামৰি পাইপযোগে ঘৰুৱা গেছৰ যোগান ধৰা হ’ব বুলি জানিবলৈ দিছে অসম গেছ কোম্পানীয়ে ।

উল্লেখ্য যে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত বন্যপ্ৰাণী স্বাস্হ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আজি আধাৰশীলা স্হাপনৰ উপলক্ষে বিন্ধাকটা মুলুক গাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যোগেদি অসম গেছ কোম্পানীয়ে পাইপযোগে ঘৰুৱা গেছ যোগান আঁচনিৰ শুভ উদ্বোধন কৰা লগতে একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ হাতত অসম গেছ কোম্পানীৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ লভ্যাংশ ৫ কোটি ৭ লাখ ৪৩ হাজাৰ ৪৭০ টকা চেকযোগে প্ৰদান কৰা হয় ।

অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰী, অধ্যক্ষ বলীন চেতীয়া, উপাধ্যক্ষ ইন্দ্ৰ গগৈ, কোম্পানীৰ মানৱ সম্পদ আৰু প্ৰশাসন বিভাগৰ মহাপ্ৰৱন্ধক দীপক চেতিয়া ফুকনে চেক প্ৰদান কৰাৰ মূহুৰ্তত উপস্থিত থাকে খাদ্য আৰু স‌ংসাধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, পৰিৱেশ আৰু বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য,  স্থানীয় বিধায়ক বিনোদ হাজৰিকা, সাংসদ প্ৰদান বৰুৱা, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা ।