নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তর্গত দলনিবিল টিলাপাৰাত এগৰাকী ১৭বছৰীয়া কিশোৰীক অপহৰণ কৰি নি অজ্ঞাত স্থানত দলবদ্ধ ধর্ষণ কৰা ঘটনা পোহৰলৈ অহাত অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷
ইতিমধ্যে ঘটনাৰ লগত জডিত থকাৰ অভিযোগত চাৰি পাষণ্ডক যোগীঘোপা আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা পাষণ্ড চাৰিজন হ’ল– কৰেয়া প্রথম খণ্ড গাঁৱৰ আয়ুব আলী (৩০), ইয়াকুব আলী (৩৫), শাহানুৰ ইছলাম (২৭) আৰু মাহমুদুল হাছান (২২)৷
আপুনি পঢ়ি ভাল পাব পাৰেঃ এইবাৰ কাজিৰঙা দেখুৱালে ডিম্পু বৰুৱাই; বনমন্ত্ৰীয়েও দিলে ধন্যবাদ! ব’লক ভিডিঅ’টো আৰম্ভ কৰো…
আনহাতে অপহৰণ কাণ্ডত ব্যৱহূত এ এছ ১৫ এইচ ৩৪২৫ নম্বৰ এখন চাৰিচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে৷ আৰক্ষী সূত্রে জনা মতে, যোৱা ১৭ নৱেম্বৰৰ নিশা ৮.৩০ বজাত চাৰি পাষণ্ডই দলনিবিল টিলাপাৰা গাঁৱৰ ১৭ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰে৷ চাৰি পাষণ্ডই কিশোৰীগৰাকীক অজ্ঞাত স্থানলৈ নি দলবদ্ধভাৱে ধর্ষণ কৰে৷ পিছত মুমূর্ষু অৱস্থাত কিশোৰীগৰাকীক নিজ ঘৰৰ সমীপত এৰি থৈ উক্ত স্থানৰ পৰা পলায়ন কৰে চাৰি পাষণ্ডই৷
ঘটনা সন্দর্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰে৷ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত যোগীঘোপা আৰক্ষীয়ে ৩৯৮/২০২০ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি চাৰি পাষণ্ডক কালি গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই চাৰিওকে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷