নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথমে অপহৰণ তাৰপাছত বলাৎকাৰঃ যোগীঘোপাত গ্রেপ্তাৰ অভিযুক্ত চাৰি নৰাধম

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তর্গত দলনিবিল টিলাপাৰাত এগৰাকী ১৭বছৰীয়া কিশোৰীক অপহৰণ কৰি নি অজ্ঞাত স্থানত দলবদ্ধ ধর্ষণ কৰা ঘটনা পোহৰলৈ অহাত অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷

ইতিমধ্যে ঘটনাৰ লগত জডিত থকাৰ অভিযোগত চাৰি পাষণ্ডক যোগীঘোপা আৰক্ষীয়ে গ্রেপ্তাৰ কৰি  জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা পাষণ্ড চাৰিজন হ’ল– কৰেয়া প্রথম খণ্ড গাঁৱৰ আয়ুব আলী (৩০), ইয়াকুব আলী (৩৫), শাহানুৰ ইছলাম (২৭) আৰু মাহমুদুল হাছান (২২)৷

আপুনি পঢ়ি ভাল পাব পাৰেঃ এইবাৰ কাজিৰঙা দেখুৱালে ডিম্পু বৰুৱাই; বনমন্ত্ৰীয়েও দিলে ধন্যবাদ! ব’লক ভিডিঅ’টো আৰম্ভ কৰো…

আনহাতে অপহৰণ কাণ্ডত ব্যৱহূত এ এছ ১৫ এইচ ৩৪২৫ নম্বৰ এখন চাৰিচকীয়া বাহন জব্দ কৰে আৰক্ষীয়ে৷ আৰক্ষী সূত্রে জনা মতে, যোৱা ১৭ নৱেম্বৰৰ নিশা ৮.৩০ বজাত চাৰি পাষণ্ডই দলনিবিল টিলাপাৰা গাঁৱৰ ১৭ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰে৷ চাৰি পাষণ্ডই কিশোৰীগৰাকীক অজ্ঞাত স্থানলৈ নি দলবদ্ধভাৱে ধর্ষণ কৰে৷ পিছত মুমূর্ষু অৱস্থাত কিশোৰীগৰাকীক নিজ ঘৰৰ সমীপত এৰি থৈ উক্ত স্থানৰ পৰা পলায়ন কৰে চাৰি পাষণ্ডই৷

ঘটনা সন্দর্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰে৷ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত যোগীঘোপা আৰক্ষীয়ে ৩৯৮/২০২০ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি চাৰি পাষণ্ডক কালি গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে  উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই চাৰিওকে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

You might also like