গুৱাহাটীত ভিডিজি গ্ৰুপৰ খোৱাপানী ৰয়েল ব্লু প্ৰিমিয়াম প্ৰ’ উদ্বোধন

বিশেষ বাৰ্তা, ২ জানুৱাৰীঃ অসমৰ আগশাৰীৰ উদ্যোগী অনুষ্ঠান ভিজনাৰী ডেভেলপমেন্ট গ্ৰুপৰ অন্য এটি শাখা “ৰয়েল ব্লু প্ৰিমিয়াম প্ৰ’ৰ আজি মহানগৰীৰ গড়চুক পামহিত শুভ উদ্বোধন কৰা হয়৷ বিশুদ্ধ খোৱা পানী যোগান আৰু বিশুদ্ধ পানী সেৱনৰ উপকাৰিতা সম্পৰ্কে ভিজনাৰী ডেভলপমেন্ট গ্ৰুপে আগৰে পৰাই ৰাইজক সতৰ্ক হবলৈ প্ৰয়াস কৰি থকাৰ লগে লগে BISৰ IS 14543 ৰ অধীনত তথা Fssaiৰ সম্পূৰ্ণ নিয়মৰে সতে আজি ৰয়েল ব্লু প্ৰিমিয়াম প্ৰ’উদ্বোধন কৰা হয় ৷ এই উদ্বোধনী অনুষ্ঠানত বহুতো গন্য মান্য ব্যাক্তি উপস্থিত থাকে ৷ বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, বিশিষ্ট গায়ক সদানন্দ গগৈ, প্ৰাক্তন আই. এ. এছ. বিষয়া মুক্তি গগৈ, আছাম স্মল ইণ্ডাষ্ট্ৰীয়েল কৰ্পোৰেচনৰ চেয়াৰমেন কিশোৰ কুমাৰ উপাধ্যায়, ইণ্ডিয়ান চেম্বাৰ্চ অৱ কমাৰ্চৰ এছিছটেন্ট ডিৰেক্টৰ তৰালি শৰ্মা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ভাস্কৰ জ্যোতি দাস, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপিকা অনিতা শইকীয়া উপস্থিত থাকি এই উদ্যোগৰ শুভ উদ্বোধন কৰি বন্তি প্ৰজ্বলন কৰে৷ অনুষ্ঠানত “ৰয়েল ব্লু প্ৰিমিয়াম প্ৰ’“ৰ স্বত্বাধিকাৰী তথা যুৱ উদ্যোগী ভাস্কৰ জ্যোতি হালৈ আৰু ভিজনাৰী ডেভলপমেন্ট গ্ৰুপৰ মুখ্য পৰিচালন বিষয়া নতাশা দাসে উপস্থিত সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে ৰয়েল ব্লু প্ৰিমিয়াম প্ৰৰ জৰিয়তে খোৱাপানীৰ এক উন্নত মান দিবলৈ চেষ্টা কৰিব বুলি স্বত্বাধিকাৰী ভাস্কৰজ্যোতি হালৈয়ে জানিবলৈ দিয়ে। আনহাতে আজিৰে পৰা ৰয়েল ব্লু প্ৰিমিয়াম প্ৰ’ৰ খোৱাপানী বজাৰত উপলব্ধ হব। লগতে ৰয়েল ব্লু প্ৰিমিয়াম প্ৰ’ৰ ২০ লিটাৰ বটলৰ পানী ইতিমধ্যে বজাৰত উপলব্ধ।

Featured