শিঙিমাৰী মহম্মদ আলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আকস্মিক পৰিদৰ্শন জিলা উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ আজি আকস্মিক শিঙিমাৰী মহম্মদ আলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উপস্থিত হয় নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ৷ জিলা উপায়ুক্ত গৰাকীৰ বিদ্যালয়ত উপস্থিত হোৱাৰ পিছত বিদ্যালয় খনৰ প্ৰকৃত ফোপোলা স্বৰূপ জিলিকি উঠিল ৷বিদ্যালয়খনত নাই শৈক্ষিক পৰিবেশ৷ বিদ্যালয়ৰ পৰা উদ্ধাৰ হল বিলাতী সুৰাৰ বটল৷ শিক্ষক সকলৰ পাঠদানৰ নাই কোনো নীতি-নিয়ম৷ যোগ্যতা নথকাৰ পিছতো অধ্যক্ষৰ চকী দখল কৰা দিলীপ শৰ্মাই শিক্ষক আৰু অভিভাৱকৰ সভা অনুষ্ঠিত নকৰাত খংত অগ্নি শৰ্মা হৈ পৰে উপায়ুক্তগৰাকী৷ অযোগ্য অধ্যক্ষই নাজানে বিদ্যালয়খনৰ পৰা কিমান ছাত্ৰ পাছ কৰিছে আৰু কিমান ছাত্ৰ ফেইল কৰিছে৷ এনেকুৱা অধ্যক্ষৰ বাবেই বিদ্যালয়খনৰ ফলাফল বেয়া বুলি ধমকি প্ৰদান কৰে উপাযুক্ত গৰাকীয়ে ৷আৰু প্ৰাক্তন অধ্যক্ষ আব্দুৰ ৰৌফ ক আধাঘন্টা সময় থিয় কৰাই ৰাখে৷ উপায়ুক্ত গৰাকীয়ে শ্ৰেণী কোঠাত সোমাই পাঠদান কৰা শিক্ষকৰ নমুনা চাই অসন্তুষ্টি প্ৰকাশ কৰে ৷উল্লেখ্য যে বিদ্যালয়খনত নিজৰ যোগ্যতা নথকা স্বত্বেও জালিয়াতিৰে অধ্যক্ষৰ পদ দখল কৰি বিদ্যালয় খনত আৰম্ভ কৰিছে ছিণ্ডিকেট ৰাজ ৷বিদ্যালয়খনত কেৰানী থকা স্বত্বেও সহঃশিক্ষক চৌকত উল্লাহ আৰু টিউটৰ ইলিয়াচ আহমেদক কেৰানীৰ কামত নিয়োজিত কৰি লুণ্ঠনত নামিছে৷ আকৌ মধ্যহ্ন ভোজনৰ দায়িত্ব দিছে সহঃ শিক্ষক আশ্বাফুল আলমক দি ইয়াতো লুণ্ঠনৰাজ চলাই থকাৰ অভিযোগ পূৰ্বৰে পৰা ৷ইয়াৰ উপৰি সহঃ শিক্ষক ছফিকুৰ ৰহমানক ছুপাৰ অধ্যক্ষৰ দায়িত্ব দিছে পাঠদানৰ পৰিৱৰ্তে৷ এইজনেই সেই ছফিকুৰ ৰহমান যিজনে এইবাৰ মেট্ৰিক পৰীক্ষাত নিজৰ ছোৱালীক পৰীক্ষা হলত নকল যোগান ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল৷ মেট্ৰিক পৰীক্ষাৰ সময়ত ফিডাৰ স্কুল দ্বীপজ্যোতি বিদ্যাপীঠৰ অধ্যক্ষৰ লগত এক মোটা অংকৰ ধনৰ বিনিময়ত বিশেষ কোঠাৰ ব্যৱস্থা গ্ৰহণ কৰি নকল যোগান ধৰাৰ অভিযোগ পূৰ্বৰে পৰা আছে৷ আনপিনে বিদ্যালয়ত চলোৱা ছিণ্ডিকেটৰ এটা ভাগ নগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়তো যোৱাৰ অভিযোগ ৰাইজৰ মুখে-মুখে৷ মুঠতে বিদ্যালয়খনৰ অযোগ্য অধ্যক্ষজনে লিখা-পঢ়াৰ পৰিৱৰ্তে মুকলি কৈ ছিণ্ডিকেট ৰাজ চলাই আছে গতিকে বিদ্যালয়খনত ফলাফল তেনেই নিম্নমানৰ হোৱাটো স্বাভাৱিক ৷

প্ৰেৰক জহিৰুল ইছলাম

Featured