হোজাই উৎকোচ লৈ নিলম্বিত আৰক্ষী উপ–পৰিদর্শক

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত হ’ল হোজাইৰ ডবকা আৰক্ষী চকীত কর্মৰত সহকাৰী উপ–পৰিদর্শক হৰিকমল দাস৷ হোজাই আৰক্ষী অধীক্ষকে তাৎক্ষণিকভাৱে নিলম্বন কৰি ৰিজার্ভ ক্লজ কৰে হৰিকমল দাসক৷ লগতে উৎকোচ দিয়া মিঠুন চক্রৱর্তীকো গ্রেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে৷ ঘটনা সংক্রান্তত আৰক্ষী অধীক্ষকে এক উচ্চ পর্যায়ৰ তদন্তৰ নির্দেশ দিছে৷ তদন্তৰ পাছতে পোহৰলৈ আহিব প্রকৃত ঘটনা৷

উল্লেখ্য যে ডবকা থানাত কর্মৰত সহকাৰী উপ–পৰিদর্শক হৰিকমল দাসে উৎকোচ লোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়া৷ সহকাৰী উপ–পৰিদর্শক হৰিকমল দাসে মিঠুন চক্রৱর্তী নামৰ এজন লোকৰ পৰা ২,০০০ টকা সংগ্রহ কৰা এটা ভিডিঅ’ ভাইৰেল হৈছিল৷ হোজাই জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই এই ঘটনাৰ তদন্ত চলাই আছে৷ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য৷ ধন লোৱাৰ ভিডি’ প্রায় দুমাহ পূর্বৰ বুলি তদন্তত পোহৰলৈ আহিছে৷

ইফালে এখন দুর্ঘটনাগ্রস্ত ই–ৰিক্সা মোকলাই দিয়াৰ নামত হৰিকমল দাসক মিঠুন চক্রৱর্তীৰ জৰিয়তে ই–ৰিক্সাচালকে এই ধন দিছিল৷ অৱশ্যে ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত ই–ৰিক্সাচালকজনে সেই অভিযোগ অস্বীকাৰ কৰিছে৷ মিঠুন চক্রৱর্তী নামৰ থানাৰ দালালজনে ই–ৰিক্সাচালকৰ পৰা আৰক্ষীৰ নামত সংগ্রহ কৰিছিল ধন আৰু সেই ধন হৰিকমল দাসক দিছিল৷ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত সকলোৱে এই অভিযোগ অস্বীকাৰ কৰিছে যদিও ভাইৰেল ভিডিঅ’ত উৎকোচ গ্রহণ কৰা প্রমাণিত হয়৷ ইতিমধ্যে হৰিকমল দাসক উৎকোচ দিয়া মিঠুন চক্রৱর্তীক আৰক্ষীয়ে আটক কৰি থানাত জেৰা চলাই আছে৷ সহকাৰী উপ–পৰিদর্শক হৰিকমল দাসকো নিলম্বন কৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়াই জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে মিঠুন চক্রৱর্তীয়ে নিজে হৰিকমল দাসক ধন দিয়াৰ দৃশ্য ম’বাইলত বন্দী কৰিছিল৷ উক্ত ভিডিঅ’ৰ দ্বাৰা আৰক্ষীক ব্লেকমেইলিং কৰি বিভিন্ন গোচৰত নিজৰ স্বার্থ আদায় কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে৷ সমগ্র ঘটনাৰ উচিত তদন্ত দাবী কৰিছে সচেতন মহলে৷