কুইপৰ অপহৃত দুই বিষয়াক মুক্তি দিয়াৰ আহ্বান ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ

নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ কুইপৰ অপহৃত দুই বিষয়াক মুক্তি দিয়াৰ বাবে আহ্বান জনাইছে ৰহা আঞ্চলিক সাংবাদিক সন্থাই। ৰহা আঞ্চলিক সাংবাদিক সন্হাৰ সভাপতি দীপক কুমাৰ শৰ্মা আৰু সম্পাদক পংকজ বৰাই আজি এক বিবৃতিযোগে অপহৃত দুই বিষয়া প্ৰণব কুমাৰ গগৈ আৰু ৰামকুমাৰক আলফা (স্বাধীন)ই চৰম শাস্তি বিহিব বুলি কৰা ঘোষণাত গভীৰ আক্ষেপ কৰি কুইপ কৰ্তৃপক্ষৰ বাবেই নিৰ্দোষী বিষয়া দুগৰাকীক শাস্তি দিয়াৰ পৰিবৰ্তে পৰিয়ালৰ কথা চিন্তা কৰি মানবীয়তাৰ খাতিৰত দুয়োজনকে মুক্তি দিয়াৰ বাবে আলফা(স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰতি আহ্বান জনাইছে।