হাবিৰ পৰা ওলাই ৪গৰাকীক আহত কৰিলে ম’হে

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ৰূপহীহাটত বনৰীয়া ম’হে সৃষ্টি কৰিলে আতংকৰ। দক্ষিণ চাপতপাৰা গাঁৱত লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা ম’হৰ আক্ৰমণত আহত হয় ৪গৰাকীকৈ লোক। জাফৰ আলী, এলিজা খাতুন, জছনাৰা খাতুন আৰু শ্বেহনাৱাজ আখতাৰা নামৰ লোককেইগৰাকী আহত হয়, এওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত স্থানীয় আৰক্ষী তথা বনৰক্ষীৰ দল উপস্থিত হৈ মহটোক আঁতৰাই পঠিওৱা হয় অভয়াৰণ্যলৈ।