সৰুসজাইৰ বক্সিং ৰিঙত অঘটনঃ যুৱ বক্সাৰ শ্যামপ্রসাদ শর্মাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ৰাজ্যৰ এগৰাকী প্রচুৰ সম্ভাৱনাপূর্ণ আৰু উদীয়মান বক্সাৰ শ্যামপ্রসাদ শর্মাৰ আকস্মিক বিয়োগে অসমৰ ক্রীড়া জগতত গভীৰ শোকৰ ছাঁ পেলাইছে৷ সৰুসজাই ষ্টেডিয়ামত যোৱা ১৮ মার্চত সামৰণি পৰা ৪১সংখ্যক সদৌ অসম আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপত খেলি থকা সময়তে আঘাতপ্রাপ্ত হোৱা ১৭ বছৰীয়া বক্সাৰগৰাকীয়ে গুৱাহাটীৰ এপ’ল’ হাস্পতালত যোৱানিশা ১১.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷

তিনিচুকীয়াৰ লিডুৰ প্রতিভাৱান খেলুৱৈগৰাকীয়ে আন্তঃজিলা বক্সিঙৰ এখন মেচত খেলি থকা সময়ত আঘাতৰ সন্মুখীন হৈ হঠাতে ঢলি পৰাত আয়োজক অসম এমেচাৰ বক্সিং সন্থাই ততাতৈয়াকৈ তেওঁক লখৰাৰ ক্রিটিকেল কেয়াৰ হাস্পতালত ভর্তি কৰাইছিল৷ কিন্তু বক্সাৰ শ্যামপ্রসাদৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত তেওঁক পৰৱর্তী সময়ত এপ’ল’ হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷

অসম এমেচাৰ বক্সিং সন্থাই ৰাজ্যৰ প্রতিভাৱান খেলুৱৈগৰাকীক উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ যো–জা চলাইছিল যদিও দুর্ভাগ্যবশতঃ তেওঁৰ অৱস্থা অধিক জটিল হৈ পৰে আৰু যোৱানিশা আকস্মিকভাৱে মৃত্যু ঘটে৷ তেওঁৰ মৃত্যুত বক্সিং সন্থাৰ হৈ সম্পাদক হেমন্ত কুমাৰ কলিতা আৰু সভাপতি কালীকান্ত বড়োৱে শোক প্রকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

Featured