নিয়মীয়া বাৰ্তা, ৩১মেঃ বিদেশলৈ উন্নত প্রশিক্ষণৰ বাবে যোৱা ভাৰতীয় এথলিটসকলৰ একাংশই উভতি অহাৰ সময়ত প্রদর্শনবর্ধক নিষিদ্ধ ঔষধ লৈ আহে আৰু অন্য এথলিটক দিয়ে৷ এই অভিযোগ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ হৈ পদক অর্জন কৰা একমাত্র ভাৰতীয় এথলিট অঞ্জু ববী জর্জৰ৷ এথলেটিক্ছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ বার্ষিক সাধাৰণ সভাত এই অভিযোগ উত্থাপন কৰে অঞ্জুৱে৷ বিশ্ব এথলেটিক্ছ চেম্পিয়নশ্বিপৰ লং জাম্পত পদক জয় কৰা অঞ্জু সম্প্রতি ফেডাৰেচনৰ উপ–সভাপতিৰ দায়িত্বত আছে৷ তেওঁৰ মুখেৰে এনে মাৰাত্মক অভিযোগ শুনি বৈঠকত উপস্থিত থকা বিষয়া আৰু কর্মকর্তাসকল স্তম্ভিত হৈ পৰে৷ অঞ্জুৱে কয়– ‘ড’প পৰীক্ষাত এথলিটসকলৰ শৰীৰত এনে কিছুমান নিষিদ্ধ ঔষধ পোৱা গৈছে, যিবোৰ ভাৰতত পোৱা নাযায়৷ এই এথলিটসকলৰ অধিকসংখ্যকে বিদেশত প্রশিক্ষণ ল’বলৈ যায়৷’ ২০২২ত পেৰিছত বিশ্ব এথলেটিক্ছত ব্রঞ্জৰ পদক বিজয়ী অঞ্জুৱে কয় ‘প্রশিক্ষকসকলেই কেৱল তৰুণ এথলিটসকলৰ হাতত নিষিদ্ধ ঔষধ তুলি দিয়ে বুলি চর্চিত বিষয়টো সঁচা নহয়৷ কিছুসংখ্যক এথলিটে বিদেশত প্রশিক্ষণ গ্রহণ কৰিবলৈ যায়৷ তাৰ পৰা তেওঁলোকে প্রদর্শনবর্ধক ঔষধ সংগ্রহ কৰে আৰু দেশলৈ উভতি আহি অন্য এথলিটসকলকো দিয়ে৷’ অৱশ্যে অঞ্জুৰ অভিযোগ মানি লৈছে ফেডাৰেচনৰ সভাপতি আদিল ছুমাৰিৱালাই৷ এথলিটসকলক কঠোৰ বার্তা দি তেওঁ কয় যে ড’পিং কোনোমতেই সহ্য কৰা নহ’ব৷ এথলিটসকলে পূর্বতকৈও অধিক কঠিন ড’প পৰীক্ষা দিব লাগিব৷ সভাপতিগৰাকীয়ে লগতে কয় যে নেচনেল এণ্টি ড’পিং এজেঞ্চীয়ে কিছুদিন পূর্বে জনোৱা মতে তেওঁলোকে আৰু অধিকসংখ্যক নমুনা পৰীক্ষা কৰিব৷ ড’প পৰীক্ষাৰ বাবে এজেন্সঞ্চীয়ে আৰু ১১৫জন বিষয়াক নিয়োগ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে৷