কোৱাৰেণ্টাইনৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়াম দিব এচিএই

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ ভাৰতত আতংকৰ সৃষ্টি কৰা মহামাৰী কৰোনা ভাইৰাছক লৈ অসমতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই মহামাৰী ভাইৰাছবিধৰ প্ৰভৱ এতিয়ালৈকে অসমত পৰা নাই যদিও ইয়াৰ প্ৰতিৰোধৰ বাবে সম্পূৰ্ণ সাজু ৰাজ্য চৰকাৰ ।

এনে সময়তে ৰাজ্য চৰকাৰখনলৈ সহায়ৰ হাত আগবঢ়াবলৈ সাজু হৈছে অসম ক্ৰিকেট সন্থা ।

ক’ৰোনাৰ সৈতে যুঁজ দিবলৈ অসম ক্ৰিকেট সন্থাই কোৱাৰেণ্টাইনৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়াম খন ব্যৱহাৰ কৰিব পাৰিব বুলি প্ৰকাশ কৰে ।

Featured
Comments (0)
Add Comment