ছন্দ নাথাকিলেও চাহিদা কমা নাই কোহলিৰঃ এবছৰত বিজ্ঞাপনৰ পৰা ২৪০ কোটি আয়

নিয়মীয়া বাৰ্তা, ১৪ মেঃ প্রায় এবছৰ ধৰি বেটত ৰান নাই বিৰাট কোহলিৰ৷ কিন্তু ছন্দ নাথাকিলেও বিজ্ঞাপন জগতত চাহিদা কমা নাই প্রাক্তন অধিনায়কগৰাকীৰ৷ বিগত মার্চ মাহত অন্ত পৰা বিত্তীয় বর্ষত বিভিন্ন বিজ্ঞাপনৰ পৰা কোহলিয়ে আয় কৰিছে ২৪০ কোটি টকা৷ খেলুৱৈ জীৱনৰ শেষ প্রান্তত উপনীত হৈ বিজ্ঞাপনৰ বাবদ আয়ৰ তুংগত থকা খেলুৱৈৰ উদাহৰণ বিশ্ব ক্রীড়াংগনত অনেক আছে৷ ইয়াৰ অন্যতম উদাহৰণ লি’নেল মেছি, ক্রিষ্টিয়ানো ৰ’নাল্ডো, ৰ’জাৰ ফেডেৰাৰ, টাইগাৰ উডছ আদি৷ বিশ্বৰ প্রথম ১০০গৰাকী দামী ক্রীড়াবিদৰ তালিকাত আছে একমাত্র ক্রিকেটাৰ কোহলি৷ বিগত বিত্তীয় বর্ষত তেওঁ আয়ৰ ফালৰ পৰা বিশ্বৰ ৬১ নম্বৰ স্থানত আছে৷ এই মুহূর্তত ৩০টা পণ্যৰ বিজ্ঞাপন কৰে কোহলিয়ে৷ ২০২১–২২ বিত্তীয় বর্ষত কোহলিৰ মুঠ আয় ২৬১.০৩ কোটি টকা৷ ইয়াৰ ভিতৰত বিজ্ঞাপনৰ পৰা অহা আয়ৰ পৰিমাণ ২৩৮.৭ কোটি টকা৷