দিলীপ তির্কী ভাৰতীয় হকীৰ নতুন সভাপতি

নিয়ৰ্মীয়া বাৰ্তা, ২৪ছেপ্টেম্বৰ: প্রাক্তন অলিম্পিয়ান তথা এছিয়ান গেমছৰ পদক জয়ী দিলীপ তির্কীক ভাৰতীয় হকীৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে৷ ৪৪ বছৰীয়া দিলীপ তির্কীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে ভাৰতীয় হকীৰ সভাপতি হিচাপে নির্বাচিত হয়৷ দিলীপ তির্কীৰ উপৰি সভাপতি পদটোৰ বাবে উত্তৰ প্রদেশ হকীৰ অধ্যক্ষ ৰাকেশ কাটয়াল আৰু ঝাৰখণ্ড হকীৰ অধ্যক্ষ ব’লানাথ সিঙে মনোনয়ন দাখিল কৰিছিল যদিও দুয়োগৰাকীয়ে তেওঁলোকৰ মনোনয়ন পত্র প্রত্যাহাৰ কৰাত দিলীপ তির্কী বিনা প্রতিদ্বন্দ্বিতাৰে ভাৰতীয় হকীৰ নতুন সভাপতি হিচাপে নির্বাচিত হয়৷ ভাৰতীয় হকীৰ নির্বাচন অহা এক অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দিলীপ তির্কীয়ে সভাপতি পদত নিযুক্তি লাভ কৰাৰ কথা আজি সদৰী কৰে হকী ইণ্ডিয়াই৷ উল্লেখ্য যে ১৯৯৮ চনৰ এছিয়ান গেমছৰ স্বর্ণজয়ী ভাৰতীয় হকী দলটোৰ অন্যতম সদস্য দিলীপ তির্কীয়ে ১৯৯৬, ২০০০ আৰু ২০০৪ চনৰ অলিম্পিকত ভাগ লোৱা ভাৰতীয় দলটোৰ সদস্যও আছিল৷ ইফালে অসমৰ তপন কুমাৰ দাসে কার্যবাহী কমিটীৰ সদস্যৰ পদ লাভ কৰিছে৷