দীর্ঘকালীন দায়িত্বঃ পদ হেৰুৱাব সৌৰভ গাংগুলী–জয় শ্বাহে

নিয়মীয়া বাৰ্তা, ১4 ছেপ্টেম্বৰ: সৌৰভ গাংগুলী আৰু জয় শ্বাহৰ ভৱিষ্যৎ নির্ধাৰণ কৰিব উচ্চতম ন্যায়ালয়ে৷ আজি ন্যায়াধীশ ধনঞ্জয় চন্দ্রচূড় আৰু হিমা কোহলিৰ বেঞ্চত হোৱা শুনানিত ভাৰতীয় ক্রিকেট ব’ডত দীর্ঘদিন ধৰি কোনো ব্যক্তি পদবীত থকা বিষয়টোক লৈ অসন্তুষ্টি প্রকাশ কৰা দেখা যায়৷ কাইলৈ দুপৰীয়া এই গোচৰৰ ৰায় প্রকাশৰ সম্ভাৱনা আছে৷ আজি শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে জানিবলৈ দিয়ে যে ৭০ বছৰ ঊর্ধ্বৰ কোনো ব্যক্তি ব’ৰ্ডৰ পদত থকাক লৈ আপত্তি আছে৷

ব’র্ডে বিচাৰিছিল যে ৭০ বছৰ বয়স হ’লে পদৰ পৰা অব্যাহতি লোৱাৰ যি নিয়ম আছে, তাক প্রত্যাহাৰ কৰা হওক৷ কিন্তু উচ্চতম ন্যায়ালয় এই বিষয়ত ৰাজী নহয়৷ ব’ৰ্ডৰ ফালৰ পৰা জনোৱা হয় যে অভিজ্ঞ ব্যক্তি প্রশাসনত থাকিলে কাম কৰাত সুবিধা হয়৷ ইয়াৰ উপৰি ৯ বছৰ পদবীত থকাৰ পিছত সেই পদৰ পৰা পদত্যাগ কৰিব লাগিব বুলি থকা নিয়মো প্রত্যাহাৰ কৰিবলৈ ব’র্ডে আবেদন জনাইছিল৷ কুলিং অফত থকাৰ সময়ত সংশ্লিষ্ট ব্যক্তিক ৰাজ্যিক সংস্থাৰ নির্বাচনত যুঁজিবলৈ অনুমতি বিচাৰি আবেদন কৰিছিল ব’র্ডে৷

এইক্ষেত্রত আদালতৰ ফালৰ পৰা কোৱা হয়, ‘কুলিং অফৰ বাহিৰে ১২ বছৰ যথেষ্ট সময়৷ আমি ক’ব খোজোঁ ৰাজ্যিক সংস্থাত আৰু ব’ডৰ দায়িত্বৰ মাজত কুলিং অফ প্রয়োজন নাই৷ কিন্তু দুয়োটা স্থানত নিজৰ সময় শেষ হোৱাৰ পাছত কুলিং অফলৈ যাবই লাগিব৷’ ন্যায়ালয়ৰ এই শুনানিয়ে অস্বস্তিত ৰাখিব সৌৰভ গাংগুলী আৰু জয় শ্বাহক৷ কাৰণ তেওঁলোকৰ ৰাজ্যিক সংস্থা আৰু ব’ডৰ দায়িত্বত থকাৰ সময় উকলিছে৷ উচ্চতম ন্যায়ালয়ে কুলিং অফ প্রত্যাহাৰ নকৰিলে দায়িত্ব এৰিব লাগিব ব’ডৰ অধ্যক্ষ গাংগুলী আৰু সচিব শ্বাহে৷ এইক্ষেত্রত নতুন নির্বাচন অনুষ্ঠিত হ’ব আৰু এই নির্বাচনত সৌৰভহঁতে অংশগ্রহণ কৰিব নোৱাৰিব৷