দ্বিতীয় টেষ্টত বিশ্রাম দিব এণ্ডাৰছনক

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ ভাৰতৰ বিৰুদ্ধে প্রথম টেষ্টৰ পঞ্চম দিনা বিধ্বংসী বলিঙেৰে ইংলেণ্ডৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰিলেও জেমছ এণ্ডাৰছনক দ্বিতীয় টেষ্টত বিশ্রাম দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷ ইংলেণ্ড দলটোৱে নতুনকৈ প্রৱর্তন কৰা ৰটেছনেল পলিচীৰ আধাৰত দলীয় মেনেজমেণ্টে ৩৮ বছৰীয়া তাৰকা বেগী বলাৰগৰাকীক দ্বিতীয় টেষ্টত বিশ্রাম দিব বুলি ইংলেণ্ডৰ প্রশিক্ষক ক্রিছ ছিলভাৰউডে আজি ইংগিত দিছে৷ এণ্ডাৰছনৰ পৰিৱর্তে আন এগৰাকী অভিজ্ঞ বেগী বলাৰ ষ্টুৱার্ট ব্রডক দ্বিতীয় টেষ্টৰ মূল একাদশত অন্তর্ভুক্ত কৰা হ’ব৷