দ্বিতীয় টেষ্টত ৯৯.২ অ’ভাৰ বলিং কৰিলে স্পিনাৰ ৰশ্বিদ খানে

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃঃ দ্বিতীয় টেষ্টত জয়েৰে আফগানিস্তানে জিম্বাব’ৱেৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে৷ আবু ধাবিত দেওবাৰে সামৰণি পৰা মেচখনত আফগানিস্তানে ৬ উইকেটত জয় সাব্যস্ত কৰে৷ ১০৮ ৰানৰ লক্ষ্যৰ পিছ লৈ দলটোৱে ৰহমত শ্বাহৰ ৫৮ আৰু ইব্রাহিম জাদ্রানৰ ২৯ ৰানৰ সহায়ত চাৰিটা উইকেট হেৰুৱাই জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷

ইয়াৰ পূর্বে জিম্বাব’ৱেই ফল’অনৰ সন্মুখীন হৈ দ্বিতীয় ইনিংছত ৩৬৫ ৰান সংগ্রহ কৰে৷ দলটোৰ হৈ অধিনায়ক চিন উইলিয়ামছে ১৫১ আৰু ড’নাল্ড ত্রিপান’ৱে ৯৫ ৰানৰ অনবদ্য ইনিংছ খেলে৷ আফগানিস্তানৰ ৫৪৫ ৰানৰ প্রত্যুত্তৰত জিম্বাব’ৱে প্রথম ইনিংছত ২৮৭ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷

ইফালে, আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰশ্বিদ খানে একৈশ শতিকাত এখন টেষ্ট মেচত সর্বাধিক অ’ভাৰ বলিং কৰাৰ অভিলেখ সৃষ্টি কৰিছে৷ দেওবাৰে সামৰণি পৰা দ্বিতীয় টেষ্টত তেওঁ মুঠ ৯৯.২ অ’ভাৰ বলিং কৰে৷ ১৯৯৮ চনত শ্রীলংকাৰ কিংবদন্তি অফ স্পিনাৰ মুথিয়া মুৰুলীধৰণে ইংলেণ্ডৰ বিৰুদ্ধে দ্য অ’ভেলত ১১৩.৫ অ’ভাৰ বলিং কৰিছিল৷ ৰশ্বিদে প্রথম ইনিংছত ৩৬.৩ অ’ভাৰ আৰু দ্বিতীয় ইনিংছত ৬২.৫ অ’ভাৰ বলিং কৰে৷ মেচখনত তেওঁ মুঠ ১১টা উইকেট দখল কৰিবলৈ সক্ষম হয়৷