ফুটবল ফেডাৰেচনৰ নির্বাচন পিছুৱালেঃ প্রশাসক সমিতিৰ ক্ষমতা কাঢ়িলে ন্যায়ালয়ে

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ কেন্দ্রৰ আবেদনক মান্যতা প্রদান কৰি উচ্চতম ন্যায়ালয়ে প্রশাসক সমিতিৰ ক্ষমতা নাইকিয়া কৰিলে৷ তদুপৰি সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নির্বাচন এসপ্তাহ পিছুৱাই দিছে ন্যায়ালয়ে৷ সেই অনুসৰি এই নির্বাচন ছেপ্ঢেম্বৰৰ প্রথম সপ্তাহত অনুষ্ঠিত হ’ব৷ নির্বাচন পৰিচালনা কৰিব ফেডাৰেচনৰ কার্যবাহী সচিবে৷ অৱশ্যে নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত ফিফাৰ নির্বাসন প্রত্যাহাৰৰ কোনো সম্ভাৱনা নাই৷ তথাপি নির্বাসন প্রত্যাহাৰৰ পথত কিছুদুৰ আগুৱাইছে ভাৰতীয় ফুটবল৷ ইপিনে, আজি পুৱা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বাইচুং ভুটীয়া৷ ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীয়ে আবেদন জনাইছে যে প্রশাসক সমিতিয়ে তৈয়াৰ কৰা খচৰা সংবিধানকে মান্যতা প্রদান কৰা হওক৷ কিন্তু প্রশাসক সমিতিৰ অস্তিত্ব নথকা বাবে বাইচুঙৰ আবেদনৰ কোনো যুক্তিযুক্ততা নাই৷ কেন্দ্রৰ তৰফৰ পৰা তেওঁক অনুৰোধ কৰা হৈছে যে ভাৰতীয় ফুটবলৰ বৃহত্তৰ স্বার্থত বাইচুঙক ব্যৱহাৰ কৰা হ’ব৷ উল্লেখ্য যে কালি নিশা প্রশাসক সমিতিক আঁতৰোৱাৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন জনাইছিল কেন্দ্রীয় চৰকাৰে৷