ম’হালিৰ মেচত নিৰাপত্তাক লৈ শংকাঃ বকেয়া পাঁচ কোটি দিবলৈ নির্দেশ চণ্ডীগড় আৰক্ষী প্রশাসনৰ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে মঙলবাৰে টি–২০ শৃংখলাৰ প্রথমখন মেচ খেলিব ভাৰতে৷ ইয়াৰ পূর্বে মেচখনৰ নিৰাপত্তাক লৈ বৃহৎ প্রশ্নৰ উদয় হৈছে৷ মেচখনৰ প্রাক্মুহূর্তত পঞ্জাব ক্রিকেট সন্থাক বকেয়া পাঁচ কোটি টকা শীঘ্রে দিবৰ বাবে কঠোৰ নির্দেশ দিছে চণ্ডীগড় আৰক্ষী প্রশাসনে৷ ফলত মেচখনৰ সময়ত পর্যাপ্ত নিৰাপত্তা প্রদানক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে ম’হালিত খেল অনুষ্ঠিত হ’লে নিৰাপত্তাৰ ব্যৱস্থা কৰে চণ্ডীগড় আৰক্ষীয়ে৷ তেওঁলোকে জনাইছে যে বিগত পাঁচ বছৰে ম’হালিত ভাৰতীয় দলৰ যিবোৰ মেচ অনুষ্ঠিত হৈছে, তাৰ নিৰাপত্তাৰ দায়িত্বত আছিল চণ্ডীগড় আৰক্ষী৷ কিন্তু সেই খৰচৰ বাবদ ক্রিকেট সংস্থাটোৰ পৰা পাঁচ কোটি টকা পাবলগীয়া আছে তেওঁলোকে৷ এই ধন শীঘ্রে দিবলৈ নির্দেশ দিয়া হৈছে৷ কালি ভাৰতীয় দল ম’হালিত উপস্থিত হোৱাৰ সময়তে বিষয়টো পোহৰলৈ আনিছে পঞ্জাব আৰক্ষীয়ে৷

পৰিবহণ আৰক্ষীৰ এছএছপি মনীষা চৌধুৰীয়ে কয়– ‘ভাৰত আৰু অষ্ট্রেলিয়া দুয়ো দলৰে নিৰাপত্তাৰ দায়িত্বত আছোঁ আমি৷ ম’হালিত পূর্বে অনুষ্ঠিত মেচসমূহৰ বাবে পাবলগীয়া ধন আমি এতিয়াও পোৱা নাই৷ সেই মেচসমূহৰ দায়িত্বতো আছিল চণ্ডীগড় আৰক্ষী৷’ অৱশ্যে পঞ্জাব ক্রিকেট সন্থাৰ সচিব দিলচেৰ খান্নাই এই বিষয়ে কোনো মন্তব্য কৰিব বিচৰা নাই৷

উল্লেখ্য যে অষ্ট্রেলিয়া দলটো আহি পোৱাৰ দিনা মাত্র কেইজনমান আৰক্ষী বিষয়া তেওঁলোকক নিৰাপত্তাৰ দায়িত্বত আছিল৷ বিয়লিৰ ভাগত আৰক্ষীৰ এটা বৃহৎ দল নিৰাপত্তাৰ বাবে নিয়োগ কৰা হয়৷ এইবাৰ স্থানীয় থানাৰ আৰক্ষীক নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে৷ ইয়াৰ আগতে ব্যক্তিগত নিৰাপত্তাৰক্ষীসকল ক্রিকেট দলসমূহৰ দায়িত্বত আছিল৷

Featured