মীৰাবাঈৰ জৰিয়তে ভাৰতৰ প্রথমটো স্বর্ণ পদক

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ কমনৱেলথ গেমছত মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৰ জৰিয়তে ভাৰতে প্রথমটো স্বর্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ প্রতিযোগিতাখনৰ দ্বিতীয় দিনা ভাৰতে লাভ কৰা তিনিওটা পদক আহে ভাৰোত্তোলনৰ পৰা৷ সংকেত সাৰগাৰে এইবাৰ প্রতিযোগিতাখনত দেশক প্রথমটো পদক উপহাৰ দিয়াৰ পাছত এই বিভাগতে ব্রঞ্জৰ পদক অর্জন কৰে গুৰুৰাজা পূজাৰীয়ে৷ কিন্তু দ্বিতীয় দিনাৰ অন্তিম ভাগত মীৰাবাঈ চানুৱে প্রতিযোগিতাখনত নতুন অভিলেখ প্রতিষ্ঠাৰে স্বর্ণ পদক জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰে৷ অলিম্পিকত ৰূপৰ পদক জয় কৰাৰ পাছত কমনৱেলথ গেমছত দ্বিতীয়বাৰ স্বর্ণ জয় কৰে চানুৱে৷ ভাৰোত্তোলকগৰাকীয়ে স্নেছিং আৰু ক্লীন এণ্ড জার্কত উত্তোলন কৰে ২০১ কেজি৷ স্নেছিঙত দ্বিতীয় প্রচেষ্টাত ৮৮ কেজি উত্তোলন কৰা চানুৱে তৃতীয়বাৰ ৯০ কেজি উত্তোলন কৰিবলৈ গৈ ব্যর্থ হয়৷ কিন্তু ইয়াৰ পূর্বেই ৮৮ কেজি উত্তোলন কৰি গেমছৰ অভিলেখ গঢ়ে তেওঁ৷ ৪৯ কেজি বিভাগত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা চানুৱে ক্লীন এণ্ড জার্ক বিভাগতো ১১৩ কেজি উত্তোলন কৰি গেমছৰ নতুন অভিলেখ প্রতিষ্ঠা কৰে৷ ৰূপৰ পদক লাভ কৰা মৰিচাছৰ মেৰী ৰাণাইভোছোৱাই সর্বমুঠ ১৭২ কেজি উত্তোলন কৰে৷ চানুতকৈ মেৰীয়ে ২৯ কেজি কম উত্তোলন কৰে৷ আনহাতে, তৃতীয় স্থান লাভ কৰা কানাডাৰ হান্নাহ কামিনস্কিয়ে উত্তোলন কৰে মুঠ ১৭১ কেজি৷

Featured