স্থগিত হ’ব ইংলেণ্ডৰ ভাৰত ভ্রমণ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ পৰিপ্রেক্ষিতত আকৌ এটা দ্বি–পাক্ষিক ক্রিকেট শৃংখলা স্থগিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ অহা ছেপ্ঢেম্বৰ মাহত ৩খন এদিনীয়া আৰু সমসংখ্যক টি–২০ মেচত অংশ লোৱাৰ উদ্দেশ্যে ইংলেণ্ড ক্রিকেট দলটোৱে ভাৰত ভ্রমণলৈ অহাৰ কথা আছিল৷ কিন্তু ভাৰতত ক’ৰোনাৰ আতংক দিনক দিনে বৃদ্ধি পোৱাত দুয়ো দেশৰ মাজৰ এই শৃংখলাটোলৈ অনিশ্চয়তা আহি পৰিছে৷ অৱশ্যে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এই শৃংখলাটো সন্দর্ভত কোনো ধৰণৰ মন্তব্য এতিয়ালৈকে আগবঢ়োৱা নাই যদিও অচিৰেই ইংলেণ্ডৰ ভাৰত ভ্রমণ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত ল’ব বিচিচিআয়ে৷

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এগৰাকী আগশাৰীৰ বিষয়াই কয় যে ছেপ্ঢেম্বৰৰ শেষৰপিনে ইংলেণ্ড দলটোৱে তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্রমণলৈ অহাৰ কথা৷ কিন্তু ভাৰতৰ পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰিপ্রেক্ষিতত ইংলেণ্ডে ভাৰত ভ্রমণটো বাতিল কৰাৰ যথেষ্ট সম্ভাৱনা আছে৷ এই সন্দর্ভত অহা শুকুৰবাৰে বিচিচিআয়ে এক বৈঠকত মিলিত হ’ব৷ আনহাতে, অহা মাহত নিউজিলেণ্ড ‘এ’ দলটোৱে ভাৰত ভ্রমণ কৰাৰ কথা আছিল যদিও ক’ৰোনাৰ আতংকৰ বাবে দলটোৰ এই ভ্রমণটোক লৈও অনিশ্চয়তা আহি পৰিছে৷ ক’ৰোনাৰ ভয়াৱহতাৰ বাবে নিউজিলেণ্ড ‘এ’ দলটোৰ ভাৰত ভ্রমণটো বাতিল হোৱাটো প্রায় খাটাং৷