প্রথমগৰাকী ভাৰতীয় বেটছমেন হিচাপে কৃতিত্ব ৰাহুলৰ

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ  বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগত এক অনন্য কৃতিত্ব অর্জন কৰিলে কিংছ একাদশ পঞ্জাবৰ অধিনায়ক লোকেশ ৰাহুলে৷ প্রতিযোগিতাখনত দ্রুতগতিত ২০০০ ৰান পূর্ণ কৰি প্রথমগৰাকী ভাৰতীয় বেটছমেন হিচাপে গৌৰৱ অর্জন কৰিলে ৰাহুলে৷ বৃহস্পতিবাৰে নিশা ডুবাইত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰে খেলা মেচখনত বিস্ফোৰক অপৰাজিত ১৩২ ৰান কৰি আই পি এলত ২০০০ ৰান পূর্ণ কৰে পঞ্জাব দলটোৰ অধিনায়কগৰাকীয়ে৷ লোকেশ ৰাহুলে এতিয়ালৈকে ৬৯খন মেচৰ ৬০টা ইনিংছ খেলি ২০০০ ৰান পূর্ণ কৰে৷ ইফালে, আই পি এলত দ্রুতগতিত ২০০০ ৰান পূর্ণ কৰা ভাৰতৰ আনগৰাকী বেটছমেন হ’ল মুম্বাই ইণ্ডিয়ানছৰ প্রাক্তন খেলুৱৈ শচীন তেণ্ডুলকাৰ৷ শচীনে ৭৮খন মেচৰ ৬৩টা ইনিংছত ২০০০ ৰান পূর্ণ কৰিছিল৷ মন কৰিবলগীয়া যে আই পি এলত দ্রুতগতিত ২০০০ ৰান পূর্ণ কৰা প্রথমগৰাকী বেটছমেন হ’ল ৱেষ্ট ইণ্ডিজৰ ক্রিছ গেইল৷ গেইলে ৪৮খন মেচত ২০০০ ৰান পূর্ণ কৰিছিল৷