বিমানবন্দৰত হার্দিকৰ ৫ কোটিটকীয়া ঘড়ী জব্দ

নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক বিপদে লগ এৰা নাই৷ টি–২০ বিশ্বকাপত দুর্বল প্রদর্শনৰ বাবে অনুৰাগী আৰু সমালোচকৰ তীব্র আক্রমণৰ সন্মুখীন হোৱাৰ পিছত শেহতীয়াকৈ তাৰকাগৰাকীয়ে ভাৰতীয় দলত স্থান হেৰুৱাইছে৷ নিউজিলেণ্ডৰ বিৰুদ্ধে বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাৰ বাবে ঘোষিত টীম ইণ্ডিয়াৰ ১৫জনীয়া দলত হার্দিকে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷ এই বিপর্যয়ৰ মাজতে এইবাৰ টীম ইণ্ডিয়াৰ তাৰকাগৰাকী মুম্বাই বিমানবন্দৰত শুল্ক বিভাগৰ ৰোষত পৰে৷ ইনভইচ অবিহনে ৫ কোটিটকীয়া ঘড়ী কঢ়িওৱাৰ অপৰাধত শুল্ক বিভাগে হার্দিকক বিমানবন্দৰতে জেৰা কৰে আৰু তেওঁৰ সৈতে থকা দুটা বিলাসী হাতঘড়ী জব্দ কৰে৷ ইউ এ ইৰ পৰা দেশলৈ ওভতাৰ সময়ত বিমানবন্দৰত ক্রিকেটাৰগৰাকী এই বিপদৰ সন্মুখীন হয়৷ উল্লেখ্য যে আই পি এলৰ দ্বিতীয় লেগৰ কিছুদিন পূর্বে হার্দিকে ছ’চিয়েল মিডিয়াত ৫ কোটিটকীয়া বিলাসী ঘড়ীৰ সৈতে ফটো শ্বেয়াৰ কৰিছিল৷