বিৰাটৰ বেটিঙক লৈ সুনীল গাভাস্কাৰে কৰা বিতর্কিত মন্তব্যত খর্গহস্ত হৈ পৰিল অনুষ্কা

লকডাউনৰ সময়ছোৱাত পত্নী অনুষ্কাৰ বলত বেটিং অনুশীলন কৰিছিল টীম ইণ্ডিয়াৰ অধিনায়কে

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু তেওঁৰ পত্নী অনুষ্কা শর্মাৰ ব্যক্তিগত জীৱনক লৈ কৰা এক মন্তব্যৰে বিতর্কৰ মাজত সোমাই পৰিছে ভাৰতীয় ক্রিকেট দলটোৰ প্রাক্তন অধিনায়ক সুনীল গাভাস্কাৰ৷ ইউ এ ইত চলি থকা আই পি এলৰ যোৱানিশাৰ মেচখনত ধাৰাভাষ্য কৰাৰ সময়ত গাভাস্কাৰে মন্তব্য কৰিছিল যে লকডাউনৰ সময়ছোৱাত অনুষ্কাৰ বলিঙত টীম ইণ্ডিয়াৰ অধিনায়ক কোহলিয়ে বেটিং অনুশীলন কৰিছিল৷ গাভাস্কাৰৰ এই মন্তব্যৰ পিছতে খর্গহস্ত হৈ পৰে কোহলিৰ পত্নী অনুষ্কা৷ ইনষ্টাগ্রাম একাউণ্টত অনুষ্কাই গাভাস্কাৰক সমালোচনা কৰি কয় যে মিষ্টাৰ গাভাস্কাৰ আপুনি এনেকুৱা মন্তব্য কৰাৰ কি প্রয়োজন আছিল? স্বামীৰ দুর্বল প্রদর্শনৰ কাৰণে পত্নীক কিয় জগৰীয়া কৰা হয়? গাভাস্কাৰৰ এই মন্তব্যৰ পিছতে বিৰুষ্কাৰ অনুৰাগীসকলো হতাশ হৈ পৰে৷ অৱশ্যে সুনীল গাভাস্কাৰে অনুষ্কাক দোষাৰোপ কৰিব বিচৰা নাছিল বুলি মন্তব্য কৰিছে৷