বেটিঙৰ শীর্ষ দুটা স্থানত কোহলি–ৰোহিত

আইচিচি এদিনীয়া ৰেংকিংঃ দ্বিতীয়ত অক্ষুণ্ণ যশপ্রীত বুমৰাহ

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ   আইচিচি এদিনীয়া ৰেংকিঙৰ বেটিঙৰ শীর্ষ দুটা স্থান অক্ষুণ্ণ ৰাখিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু সহঃ অধিনায়ক ৰোহিত শর্মাই৷ আজি প্রকাশ কৰা শেহতীয়া ৰেংকিং অনুসৰি, কোহলিয়ে ৮৭১ পইণ্টেৰে শীর্ষ আৰু ৰোহিতে ৮৫৫ পইণ্টেৰে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ পাকিস্তানৰ উদীয়মান বেটছমেন বাবৰ আজমে ৮২৯ পইণ্টেৰে এদিনীয়া ৰেংকিঙৰ বেটিঙৰ তালিকাত তৃতীয় স্থান লাভ কৰিছে৷ ইফালে, বলিঙৰ তালিকাত টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে দ্বিতীয় স্থানত অক্ষুণ্ণ আছে৷ তেওঁ ৭১৯ পইণ্ট লাভ কৰিছে৷ এই তালিকাৰ শীর্ষত আছে নিউজিলেণ্ডৰ বাঁওহতীয়া বেগী বলাৰ ট্রেণ্ট ব’ল্ট৷ যোৱানিশা ইংলেণ্ডৰ বিৰুদ্ধে চমকপ্রদ শতকেৰে উজলি উঠা আয়াৰলেণ্ডৰ বেটছমেন প’ল ষ্টাৰলিঙে আজি প্রকাশিত আইচিচি এদিনীয়া ৰেংকিঙত ২৬সংখ্যক স্থানলৈ আগুৱাবলৈ সক্ষম হৈছে৷ একেদৰে, কালি শতক অর্জন কৰা আয়াৰলেণ্ডৰ আনগৰাকী বেটছমেন এণ্ড্রিউ বলবার্নিয়ে চাৰিটা স্থান আগুৱাই ৪২সংখ্যক ৰেংকিং অধিকাৰ কৰিছে৷