৯ ফেব্রুৱাৰীৰ পৰা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলা; প্রস্তুতি আৰম্ভ টীম ইণ্ডিয়াৰ

 নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ভ্রমণকাৰী দল অষ্ট্রেলিয়াৰ বিপক্ষে খেলিবলগীয়া বহু প্রতীক্ষিত ব’ডাৰ গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ দুয়ো দেশৰ মাজৰ চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ প্রথমখন টেষ্ট ৯ ফেব্রুৱাৰীৰ পৰা নাগপুৰত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে টেষ্ট শৃংখলাটোত ভাগ লোৱাৰ উদ্দেশ্যে অষ্ট্রেলিয়া দলটো ভাৰতত উপস্থিত হৈছে আৰু পর্যায়ক্রমে অনুশীলনতো অংশ লৈছে৷ ইয়াৰ বিপৰীতে ঘৰুৱা দল টীম ইণ্ডিয়াই আসন্ন টেষ্ট শৃংখলাটোক লৈ পূর্ণ প্রস্তুতি আৰম্ভ কৰিছে৷ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ শ্বেতেশ্বৰ পূজাৰা, বিৰাট কোহলি, অধিনায়ক ৰোহিত শর্মা, লোকেশ ৰাহুল আৰু সূর্যকুমাৰ যাদৱৰ লগতে আঘাতৰ পৰা সম্পূর্ণ সুস্থ হোৱা ৰবীন্দ্র জাদেজা, শুভমন গিলে নেটত আজি দীর্ঘ সময় ধৰি বেটিং অনুশীলন কৰে৷ ক্রিকেটাৰকেইগৰাকীয়ে বেটিং অনুশীলন কৰাৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ইফালে, পেচবলাৰ জয়দেৱ উনাদকাট, মহম্মদ ছিৰাজকে ধৰি আন কেইবাগৰাকীও বলাৰে দীর্ঘ সময় ধৰি বলিং অনুশীলনত ভাগ লয়৷ বিশ্বৰ আগশাৰীৰ দল অষ্ট্রেলিয়াৰ বিপক্ষে খেলিবলগীয়া আসন্ন টেষ্ট শৃংখলাটোক অধিক গুৰুত্বসহকাৰে লৈছে ভাৰতীয় দলটোৱে৷ প্রায় এটা দশক ধৰি টীম ইণ্ডিয়া অষ্ট্রেলিয়াৰ হাতত টেষ্ট শৃংখলাত পৰাস্ত হোৱা নাই৷ ২০১৪–১৫ চনত টীম ইণ্ডিয়া অষ্ট্রেলিয়াৰ হাতত অন্তিমবাৰৰ বাবে ২–১ৰ ব্যৱধানত টেষ্ট শৃংখলাত পৰাস্ত হৈছিল৷ অৱশ্যে ইয়াৰ পিছত ভাৰতীয় দলটোৱে অষ্ট্রেলিয়াক ঘৰৰ মাটিত দুবাৰকৈ পৰাস্ত কৰাৰ লগতে এতিয়ালৈকে কেংগেৰু বাহিনীৰ বিপক্ষে ক্রমাগতভাৱে তিনিটা টেষ্ট শৃংখলা জয় কৰিছে৷ উল্লেখ্য যে সুদীর্ঘ ৬ বছৰৰ পিছত টেষ্ট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিছে অষ্ট্রেলিয়া ক্রিকেট দলটো৷