নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ ব্রিছবেনৰ গাব্বাত হ’বলগীয়া চতুর্থ তথা নির্ণায়ক টেষ্টখনৰ পূর্বে আঘাতত জুৰুলা হৈ পৰিছে ভাৰতীয় ক্রিকেট দলটো৷ ইজনৰ পিছত সিজন খেলুৱৈ আঘাতপ্রাপ্ত হোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে টীম ইণ্ডিয়াক৷ অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজা, হনুমা বিহাৰীৰ পিছত ঘৰুৱা দল অষ্ট্রেলিয়াৰে গাব্বাত খেলিবলগীয়া চতুর্থ তথা নির্ণায়ক টেষ্টখনৰ পৰা এইবাৰ বাহিৰ হ’ল ভাৰতীয় দলটোৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ৷ পেটৰ বিষৰ বাবেই বুমৰাহে অহা ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টখনত অংশগ্রহণ কৰিব নোৱাৰিব৷ ছিডনীত সদ্যসমাপ্ত তৃতীয়খন টেষ্টত ফিল্ডিং কৰি থকাৰ সময়ত বুমৰাহে পেটত আঘাত পাইছিল৷ বর্তমান খেলুৱৈগৰাকী ৫০ শতাংশ সুস্থ যদিও ব্রিছবেন টেষ্টত পেচ বলাৰগৰাকীক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰি ৰিস্ক ল’ব বিচৰা নাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ অৱশ্যে বলাৰগৰাকীয়ে ইংলেণ্ডৰে খেলিবলগীয়া ঘৰুৱা শৃংখলাটোত অংশ লোৱাৰ পূর্ণ সম্ভাৱনা আছে বুলি বি চি চি আইৰ সূত্রত সদৰী৷ নির্ণায়ক তথা গুৰুত্বপূর্ণ টেষ্টখনৰ পূর্বে তিনিগৰাকীকৈ তাৰকা খেলুৱৈ আঘাতপ্রাপ্ত হৈ টেষ্টখনৰ পৰা বাহিৰ হ’ব লগা হোৱাৰ ঘটনাই সম্প্রতি চিন্তিত কৰি তুলিছে ভাৰতীয় দলটোক৷ স্থায়ী অধিনায়ক বিৰাট কোহলিৰ অনুপস্থিতিত ভাৰতীয় দলটোক নেতৃত্ব দি থকা আজিংক্য ৰাহানে বাহিনীৰ বাবে ব্রিছবেন টেষ্টখন এক প্রত্যাহ্বান হিচাপে বিবেচিত হৈছে৷ অৱশ্যে তাৰকা খেলুৱৈকেইগৰাকী অবিহনে ভাৰতীয় দলটোৱে উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব বুলি আশাবাদী দলটোৰ অধিনায়ক আজিংক্য ৰাহানে৷ ইফালে, নির্ণায়ক টেষ্টখনত ভাৰতীয় দলটোৰ মূল একাদশত ৱাশ্বিংটন সুন্দৰে স্থান লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ ইফালে, হনুমা বিহাৰীৰ অনুপস্থিতিত মায়ংক আগৰৱালে ভাৰতীয় দলটোলৈ পুনৰ প্রত্যাৱর্তন কৰাৰ সম্ভাৱনা অধিক৷ অৱশ্যে মায়ংক আগৰৱালৰ সন্মুখত প্রত্যাহ্বান হিচাপে থিয় দিব পাৰে পৃথ্বি শ্ব৷ দুর্বল প্রদর্শনৰ বাবে দুয়োগৰাকী খেলুৱৈক ছিডনী টেষ্টৰ পৰা বাদ দিয়া হৈছিল৷ গাব্বা টেষ্টত ভাৰতীয় দলটোৱে পাঁচগৰাকী বেটছমেন আৰু দুজন স্পিনাৰসহ ৫গৰাকী বলাৰেৰে অৱতীর্ণ হোৱাৰ সম্ভাৱনা আছে৷