দলৰ পৰাজয়ত হতাশ অধিনায়ক ষ্টিভেন স্মিথ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত বৃহস্পতিবাৰে নিশা পৰাস্ত হোৱাৰ পিছত হতাশ হৈ পৰিছে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ষ্টিভেন স্মিথ৷ মেচখনত ৮ উইকেটত পৰাস্ত হোৱাৰ পিছত ৰাজস্থানৰ অধিনায়ক ষ্টিভেন স্মিথে কয় যে মেচখনত আমি প্রথমে সুন্দৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছিলোঁ৷

জ’ফ্রা আর্চাৰে আৰম্ভণিতে দুটাকৈ উইকেট দখল কৰিছিল যদিও পৰৱর্তী সময়ত আমাৰ বলাৰসকলে বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ মেচখনৰ আৰম্ভণিতে আর্চাৰৰ দ্বাৰা তৃতীয়টো অভাৰো কৰাটো প্রয়োজন আছিল৷ দলৰ সতীর্থসকলে আর্চাৰক তৃতীয়টো অভাৰ কৰাৰ বাবে মোক অনুৰোধ জনাইছিল যদি মই তেওঁলোকৰ অনুৰোধ প্রত্যাখ্যান কৰিছিলোঁ আৰু শেষত ইয়াৰ পৰিণাম ভোগো৷