পুনৰ জুভেণ্টাছলৈ ক্রিষ্টিয়ানো ৰ’নাল্ডোঃ মানচেষ্টাৰ ইউনাইটেডৰ ওপৰত বিৰক্ত পর্তুগীজ তাৰকা

বিশেষ বাৰ্তা, ২৩ জুনঃ পুনৰ জুভেণ্টাছলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে মানচেষ্টাৰ ইউনাইটেডৰ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি, ক্লাবটোৰ সৈতে প্রাথমিক কথা–বতৰা চলিছে পর্তুগীজ তাৰকাগৰাকীৰ৷ ৰ’নাল্ডোৰ মেনেজাৰ জর্জ মেণ্ডেজে জানিবলৈ দিয়া মতে, জুভেণ্টাছলৈ প্রস্তাৱ আগবঢ়াইছে ৰ’নাল্ডোৱে৷ খবৰ অনুসৰি, ৩৭ বছৰীয়া ফুটবলাৰগৰাকী জুভেণ্টাছলৈ উভতি যোৱাৰ বাবে প্রস্তাৱ দাখিল কৰা হৈছে৷ অৱশ্যে কেৱল ৰ’নাল্ডোৱে নহয়, ফ্রান্সৰ মিডফিল্ডাৰ প’ল প’গবায়ো ক্লাবটোলৈ উভতি যোৱাৰ বাবে প্রস্তাৱ আগবঢ়াইছে৷ উল্লেখ্য যে ৩৭ বছৰীয়া ৰ’নাল্ডোৱে সদ্যসমাপ্ত ছিজনটোত মানচেষ্টাৰ ইউনাইটেডৰ হৈ ২৪ গ’ল দিছে যদিও দলটোৱে চেম্পিয়নছ লীগলৈ যোগ্যতা অর্জনত ব্যর্থ হয়৷ ইয়াৰ ফলত মানচেষ্টাৰ ইউনাইটেডত ৰ’নাল্ডোৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে৷ প্রিমিয়াৰ লীগত ইউনাইটেডে ষষ্ঠ স্থান লাভ কৰাৰ বিপৰীতে চেম্পিয়নছ লীগৰ প্রি–কোৱার্টাৰ ফাইনেলৰ পৰা বিদায় ল’বলগীয়া হয়৷ ইয়াৰ উপৰি দলটোৱে কোনো ঘৰুৱা প্রতিযোগিতাত খিতাপ অর্জন কৰিবলৈ সক্ষম নহ’ল৷ ইপিনে, আন এক খবৰ অনুসৰি, মানচেষ্টাৰ ইউনাইটেডৰ প্রতি বিৰক্ত হৈ পৰিছে ৰ’নাল্ডো৷ কিয়নো ইউনাইটেডে এই পর্যন্ত কোনো ভাল খেলুৱৈ ক্রয় কৰা নাই৷ ইয়াৰ বিপৰীতে ক্লাবটোৱে ত্যাগ কৰিছে ইজনৰ পিছত সিজন তাৰকা খেলুৱৈক৷ চুবুৰীয়া ক্লাব মানচেষ্টাৰ চিটীয়ে এর্লিং হালাণ্ডৰ দৰে তাৰকা খেলুৱৈক ক্রয় কৰিছে৷ কিন্তু বার্চিলোনাৰ পৰা ফ্রেংকি ডি জংকেক এতিয়াও ক্রয় কৰিব পৰা নাই ইউনাইটেডে৷ এতিয়াও বহুকেইজন ফুটবলাৰৰ সৈতে ক্লাবটোৰ কথা–বতৰাহে চলি আছে৷ এনে অৱস্থাত দলক কেইবাজনো ভাল খেলুৱৈৰ প্রয়োজন৷ কিন্তু ক্লাবটোৰ গুৰুত্বহীনতাৰ বাবে ৰ’নাল্ডোৱে জুভেণ্টাছৰ সৈতে যোগাযোগ কৰা বুলিও জানিব পৰা গৈছে৷

Featured