টকিঅ’ অলিম্পিকত বাধ্যতামূলক নহয় ক’ভিডৰ ভেকচিন

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ অহা বর্ষৰ জুলাইত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকত খেলুৱৈৰ বাবে বাধ্যতামূলক নহয় ক’ভিড–১৯ৰ ভেকচিন৷ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ মুৰব্বী থমাছ বাখে এই কথা ঘোষণা কৰিছে৷

অলিম্পিকৰ প্রস্তুতিৰ বুজ ল’বলৈ সম্প্রতি টকিঅ’ত বাহৰ পাতি থকা আই অ’ চিৰ মুৰব্বীগৰাকীয়ে কয় যে অলিম্পিকত অংশ ল’বলগীয়া এথলিটসকলক মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রতিষেধক লোৱাৰ আহ্বান জনোৱা হ’ব যদিও এয়া বাধ্যতামূলক নহয়৷ ‘প্রতিষেধক লোৱাৰ সিদ্ধান্ত খেলুৱৈসকলে নিজাববীয়াকৈ গ্রহণ কৰিব৷ এইক্ষেত্রত তেওঁলোকক মুক্ত কৰি দিয়া হৈছে৷ অৱশ্যে আমি এথলিটসকলক প্রতিষেধক গ্রহণ কৰাৰ অনুৰোধ জনাম৷ আশা কৰিছোঁ অহা বর্ষৰ জুলাইলৈ পৰিস্থিতি স্বাভাৱিক হ’ব আৰু আমি সফলতাৰে অলিম্পিক আয়োজন কৰিব পাৰিম৷’ থমাছ বাখে এইদৰে কয়৷

উল্লেখ্য যে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক চলিত বর্ষৰ জুলাইত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে মেগা ইভেণ্টখন অহা বর্ষলৈ পিছুৱাই দিয়া হয়৷