টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ ইংগিত ডেভিদ ৱাৰ্নাৰৰ

বিশেষ বাৰ্তা, ৩ জুনঃ অষ্ট্ৰেলিয়াৰ প্ৰবীণ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে! তেওঁ ২০২৪ চনৰ জানুৱাৰী মাহত পাকিস্তানৰ বিৰুদ্ধে টেষ্ট কেৰিয়াৰৰ অন্তিমখন মেচ খেলিব। ইয়াৰ পূৰ্বে ৱাৰ্নাৰে এছেছ ছিৰিজৰ চূড়ান্ত মেচ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ খেলিব। ২০২৪ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব টেষ্ট শৃংখলা। এই সময়ত ৱাৰ্নাৰে শেষৰখন মেচ খেলিব। বৰ্তমান ইংলেণ্ডত থকা ৱাৰ্নাৰে ভাৰতৰ বিৰুদ্ধে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলৰ বাবে প্ৰস্তুতি চলাইছে। ইয়াৰ পিছত ৱাৰ্নাৰে জুনত আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে এছেছ শৃংখলাত অংশগ্ৰহণ কৰিব। শেহতীয়াকৈ ৱাৰ্নাৰে টেষ্টৰ পৰা অৱসৰৰ ইংগিত দিছে। ২০২৪ চনৰ জানুৱাৰী মাহত পাকিস্তানৰ বিৰুদ্ধে ছিডনী টেষ্টৰ সময়ত তেওঁ অৱসৰ ল’ব বুলি ইংগিত দিয়ে। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাও খেলিব পাৰে।

Featured