টীম ইণ্ডিয়াক অধিক শক্তিশালী ৰূপ দিয়াৰ লক্ষ্য দ্রাবিড়ৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ সদ্যসমাপ্ত আই চি চি টি–২০ বিশ্বকাপত সন্মুখীন হোৱা অপ্রত্যাশিত ব্যর্থতাৰ পিছত টীম ইণ্ডিয়াক অধিক শক্তিশালী ৰূপ দিয়াৰ লক্ষ্য লৈছে নৱনিযুক্ত প্রশিক্ষক ৰাহুল দ্রাবিড়ে৷ নিউজিলেণ্ডৰ বিৰুদ্ধে যোৱানিশা সামৰণি পৰা টি–২০ শৃংখলাৰ জৰিয়তে টীম ইণ্ডিয়াৰ প্রশিক্ষকৰ দায়িত্বভাৰ গ্রহণ কৰা একালৰ ষ্টাইলিছ বেটছমেনগৰাকীয়ে দলৰ অভিজ্ঞ তাৰকা আৰু প্রতিভাৱান খেলুৱৈসকলক লৈ পৰৱর্তী বিশ্বকাপৰ ব্লুপ্রিণ্ট তৈয়াৰ কৰিছে৷

ইডেন গার্ডেনত অনুষ্ঠিত তৃতীয় তথা অন্তিম টি–২০ত সহজ জয়েৰে টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে হোৱাইট ৱাশ্ব সম্পূর্ণ কৰাৰ পিছত প্রশিক্ষক দ্রাবিড়ে কয় যে এই শৃংখলা জয়ে দলৰ মনোবল বৃদ্ধি কৰিছে আৰু এক দীঘলীয়া যাত্রাৰ বাবে টীম ইণ্ডিয়া সম্পূর্ণৰূপে সাজু হৈছে৷

উল্লেখ্য যে টি–২০ বিশ্বকাপৰ সামৰণিৰ লগে লগে পূর্বৰ প্রশিক্ষক ৰবি শাস্ত্রীৰ চুক্তিৰ ম্যাদ অন্ত পৰে আৰু বি চি চি আয়ে দ্রাবিড়ক ভাৰতীয় দলৰ মুখ্য প্রশিক্ষক নিযুক্ত কৰে৷

‘নিউজিলেণ্ডৰ বিৰুদ্ধে টি–২০ শৃংখলা জয় কৰি আমি আনন্দিত যদিও বাস্তৱ দিশসমূহ আমি উপলব্ধি কৰা উচিত৷ নিউজিলেণ্ডে টি–২০ বিশ্বকাপৰ ফাইনেল খেলি তিনি দিনৰ ভিতৰত ভাৰতলৈ আহি শৃংখলা খেলাটো তেওঁলোকৰ বাবে সহজ নাছিল৷ কেন উইলিয়ামছনৰ দৰে তাৰকা অবিহনে তেওঁলোকে শৃংখলাত অৱতীর্ণ হৈছিল৷ অৱশ্যে কেইবাগৰাকীও নৱাগত আৰু প্রতিভাৱান খেলুৱৈৰে গঠিত টীম ইণ্ডিয়াই যথেষ্ট ভাল খেলিছে আৰু এই অভিজ্ঞতাই তেওঁলোকক ভৱিষ্যতলৈ সহায় কৰিব৷ আমাৰ দলত বহুতো প্রতিভাৰ সমাহাৰ ঘটিছে আৰু অনাগত সময়ত আমি তেওঁলোকক সঠিকভাৱে আগুৱাই নিব লাগিব৷ অভিজ্ঞ আৰু প্রতিভাৱান খেলুৱৈসকলক লৈ আমি পৰৱর্তী বিশ্বকাপলৈ সাজু হ’ব লাগিব৷’ প্রশিক্ষক দ্রাবিড়ে এইদৰে কয়৷

মন কৰিবলগীয়া যে দ্রাবিড়ক বি চি চি আয়ে ২০২৪ৰ এদিনীয়া বিশ্বকাপ পর্যন্ত ভাৰতীয় দলৰ প্রশিক্ষকৰ দায়িত্ব অর্পণ কৰিছে৷ অহা বছৰ তেওঁৰ তত্ত্বাৱধানত টীম ইণ্ডিয়াই অষ্ট্রেলিয়াত টি–২০ বিশ্বকাপ খেলিব৷ নৱনিযুক্ত অধিনায়ক ৰোহিত শর্মা আৰু প্রশিক্ষক দ্রাবিড়ৰ এতিয়া প্রধান লক্ষ্য হ’ল ২০২২ৰ টি–২০ বিশ্বকাপ৷