শুভমনক প্রশংসা সেৱাগ–জাদেজা–লক্ষ্মণৰ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে ছিডনী টেষ্টত কেৰিয়াৰৰ প্রথমটো অর্ধশতক অর্জন কৰি উদীয়মান তাৰকা শুভমন গীলে ক্রিকেট মহলৰ ভূয়সী প্রশংসা আদায় কৰিবলৈ সক্ষম হৈছে৷ শক্তিশালী অষ্ট্রেলিয়ান বলিং আক্রমণক সাহসেৰে মোকাবিলা কৰি দর্শনীয় ইনিংছ খেলা পঞ্জাবৰ ২২ বছৰীয়া বেটছমেনগৰাকীক ভৱিষ্যতৰ তাৰকা হিচাপে আখ্যা দিছে বীৰেন্দ্র সেৱাগ, ভি ভি এছ লক্ষ্মণ আদিৰ দৰে একালৰ প্রখ্যাত বেটছমেনে৷ টুইটাৰত লক্ষ্মণে কয় যে ভৱিষ্যতলৈ ক্রিকেটৰ তিনিওটা সংস্কৰণত উজলি উঠিব শুভমন গীল৷ তেওঁৰ বেটিং কৌশল যথেষ্ট শক্তিশালী বুলিও লক্ষ্মণে উল্লেখ কৰে৷

ইফালে, দলীয় সতীর্থ ৰবীন্দ্র জাদেজাই গীলৰ বেটিঙত মুগ্ধ হৈ কয় যে গীল টেকনিকেলী যথেষ্ট শক্তিশালী খেলুৱৈ৷ দীঘলীয়া ইনিংছ খেলিব পৰাকৈ তেওঁৰ সৈতে প্রতিভা আৰু ধৈর্য শক্তি আছে৷ উল্লেখ্য যে ৰোহিত শর্মাৰ সৈতে যুৱ তাৰকা শুভমন গীলে   সুন্দৰ বেটিঙেৰে টীম ইণ্ডিয়াৰ হৈ অ’পেনিং যুটিত ৭০ ৰান যোগ দিবলৈ সক্ষম হয়৷ ১০১টা বলৰ সন্মুখীন হৈ তেওঁ ৫১ ৰানৰ অৱদান আগবঢ়ায়৷