আই চি চিৰ নতুন অধ্যক্ষ গ্রেগ বার্কলে

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আই চি চিৰ নতুন স্বতন্ত্র অধ্যক্ষ হিচাপে নির্বাচিত হৈছে নিউজিলেণ্ড ক্রিকেট ব’ৰ্ডৰ মুৰব্বী গ্রেগ বার্কলে৷ ভাৰতৰ শশাংক মনোহৰৰ স্থানত তেওঁ আই চি চিৰ মুৰব্বীৰ আসন শুৱনি কৰিব৷ মঙলবাৰে অনুষ্ঠিত আই চি চিৰ এক গুৰুত্বপূর্ণ বৈঠকত ইলেক্ট্রনিক ভোটিং প্রক্রিয়াৰ জৰিয়তে নিউজিলেণ্ডৰ জ্যেষ্ঠ ক্রিকেট প্রশাসকগৰাকীয়ে ছিংগাপুৰৰ ইমৰান খোৱাজাক পৰাস্ত কৰি আই চি চিৰ নতুন অধ্যক্ষ হিচাপে নির্বাচিত হয়৷ ভোটিং প্রক্রিয়াত ১২খন টেষ্ট খেলা সদস্য ৰাষ্ট্র, তিনিখন সহযোগী দেশ আৰু একমাত্র স্বতন্ত্র মহিলা অধ্যক্ষই অংশ লয়৷ জানিব পৰা অনুসৰি ভাৰত, ইংলেণ্ড, অষ্ট্রেলিয়া আৰু নিউজিলেণ্ড ক্রিকেট ব’র্ডে গ্রেগ বার্কলেক সমর্থন আগবঢ়োৱাৰ বিপৰীতে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ পছন্দৰ প্রার্থী আছিল ছিংগাপুৰৰ ইমৰান খোৱাজা৷