৪৩৪ দিনৰ পিছত বলাৰৰ ৰূপত হার্দিক

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ বলিঙৰ বাবে সম্পূর্ণৰূপে ফিট নহ’লেও দলৰ প্রয়োজন পূৰণ কৰিবলৈ বলাৰৰ ৰূপত দেখা গ’ল হার্দিক পাণ্ডিয়াক৷

টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে কালি ছিডনীত অনুষ্ঠিত দ্বিতীয় এদিনীয়াত সুদীর্ঘ ৪৩৪ দিনৰ বিৰতিৰ পিছত হাতত বল তুলি লয়৷

উল্লেখ্য যে ২০১৯ত ইংলেণ্ডত অনুষ্ঠিত ৫০ অ’ভাৰৰ বিশ্বকাপৰ ছেমিফাইনেলতে হার্দিকে ভাৰতীয় দলৰ হৈ অন্তিমবাৰৰ বাবে বলিং কৰিছিল৷ নিউজিলেণ্ডৰ বিৰুদ্ধে সেই মেচৰ পিছত তেওঁ পিঠিৰ আঘাতৰ বাবে বলিঙৰ পৰা আঁতৰি আছিল৷

সদ্যসমাপ্ত আই পি এলৰ সময়ছোৱাতো তেওঁক কেৱল বেটছমেনৰ ৰূপতহে দেখা গৈছিল৷ ছিডনীত অনুষ্ঠিত প্রথমখন মেচতো তেওঁ বলিং কৰা নাছিল৷ কিন্তু অষ্ট্রেলিয়াৰ বেটিং পৰাক্রমৰ সন্মুখত টীম ইণ্ডিয়াৰ বলাৰসকল আজিও দিশহাৰা হোৱাত উপায়ান্তৰ নাপাই কোহলিয়ে হার্দিকৰ হাতত বল তুলি দিবলৈ বাধ্য হয়৷