এডিলেইডত আজি টি–২০ বিশ্বকাপৰ দ্বিতীয় ছেমি

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ: শেহতীয়াভাৱে নক আউট পর্যায়ত ব্যর্থতাৰ ধাৰা অব্যাহত আছে যদিও আজি ইংলেণ্ডৰ সকলো প্রত্যাহ্বান গ্রহণ কৰিবলৈ সম্পূর্ণৰূপে সাজু আছে ভাৰতীয় দল৷ চলিত টি–২০ বিশ্বকাপৰ আজি এডিলেইডত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলৰ পূর্বে এই মন্তব্য কৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷

অষ্ট্রেলিয়াত পূর্ণ গতিত চলি থকা আই চি চিৰ সন্মানীয় প্রতিযোগিতাখনত আজি হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলৰ বাবে ইতিমধ্যে ইংলেণ্ড আৰু ভাৰতীয় দলটো সম্পূর্ণ ৰূপে সাজু হৈছে৷ আই চি চিৰ বৃহৎ প্রতিযোগিতাৰ নক আউট পর্যায়ত দাঙি ধৰা ব্যর্থতা দূৰ কৰি আজি ইংলেণ্ডক পৰাস্ত কৰি প্রতিযোগিতাখনৰ ফাইনেলত প্রৱেশ কৰাৰ লক্ষ্য লোৱা বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয় যে নিশ্চিতভাৱে  মেচখন ৰোমাঞ্চকৰ হ’ব৷ বেটিং–বলিং উভয়তে ইংলেণ্ড শক্তিশালী৷ অৱশ্যে ইয়াৰ বাবে ভাৰতে বিশেষ ৰণনীতি তৈয়াৰ কৰিছে৷ প্রথমৰ পৰাই আমি মেচখনত সাৱধানতাৰে নামিব লাগিব বুলি মন্তব্য কৰি অধিনায়ক ৰোহিতে লগতে কয় যে তেওঁৰ নিজৰ ফর্মক লৈ কিছুপৰিমাণে চিন্তিত৷ বিশ্বকাপখনত নিজৰ সামর্থ্য অনুযায়ী তেওঁ খেলিব পৰা নাই৷ অৱশ্যে আজিৰ মেচখনত তেওঁ দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে৷

আনহাতে, আজিৰ ছেমিৰ মূল একাদশত ঋষভ পণ্ট আৰু দীনেশ কার্তিকৰ অন্তর্ভুক্তি সম্পর্কতো মন্তব্য আগবঢ়ায় অধিনায়ক ৰোহিতে৷ আজিৰ এই গুৰুত্বপূর্ণ ছেমিফাইনেল মেচখনত পণ্টৰ লগতে কার্তিককো মূল একাদশত অন্তর্ভুক্ত কৰাৰ পূর্ণ সম্ভাৱনা থকা বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে কয় যে দুয়োগৰাকী উইকেট কীপাৰে শেহতীয়াভাৱে উন্নত বেটিং প্রদর্শন ধৰি আহিছে৷ গতিকে পণ্ট–কার্তিক উভয়ে আজিৰ মেচত খেলাৰ সম্ভাৱনাই অধিক বুলি অধিনায়ক ৰোহিত শর্মাই কয়৷

Featured