আজি ভাৰতৰ হোৱাইট ৱাশ্ব ৰোধৰ যুঁজঃ অন্তিম এদিনীয়াত জয়েৰে সন্মান উদ্ধাৰৰ লক্ষ্য

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ প্রথম দুখন এদিনীয়াত বেটে–বলে দিশহাৰা হোৱাৰ পিছত টীম ইণ্ডিয়াই আজি দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে হোৱাইট ৱাশ্ব ৰোধৰ যুঁজ দিব৷ কেপটাউনত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত জয়েৰে লোকেশ ৰাহুল নেতৃত্বাধীন আলহী দলটোৱে হূতগৌৰৱ উদ্ধাৰৰ লক্ষ্য লৈছে৷ পার্লত অনুষ্ঠিত প্রথম আৰু দ্বিতীয় এদিনীয়াত সকলো ৰণকৌশল ব্যর্থ হোৱাৰ পিছত কাইলৈ টীম ইণ্ডিয়াই নতুন ৰণনীতিৰে খেলপথাৰত নামিব৷

বিশেষকৈ দুয়োখন মেচতে যথেষ্টসংখ্যক ৰান ব্যয় কৰা দুই তাৰকা ৰবিচন্দ্রন অশ্বিন আৰু ভুবনেশ্বৰ কুমাৰক বিশ্রাম দি তৃতীয় এদিনীয়াত দীপক চহৰ আৰু জয়ন্ত যাদৱক টীম ইণ্ডিয়াই সুযোগ দিয়াৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে প্রথম দুয়োখন এদিনীয়াত নিষ্প্রভ দেখিবলৈ পোৱা ভাৰতীয় বলাৰে দক্ষিণ আফ্রিকাৰ মাত্র ৭টা উইকেটহে দখল কৰিবলৈ সক্ষম হৈছে৷ বেটিঙতো আলহী দলটোৰ প্রদর্শনে অনুৰাগীক হতাশ কৰিছে৷ নেতৃত্বৰ দায়িত্ব গ্রহণ কৰি বেটিঙৰ চোক হেৰুওৱা অধিনায়ক লোকেশ ৰাহুল আৰু প্রাক্তন অধিনায়ক বিৰাট কোহলিৰ পৰা দলে আজি বৃহৎ ইনিংছ আশা কৰিব৷ মিডল অর্ডাৰত শ্রেয়াছ আয়াৰ আৰু ভেংকটেশ আয়াৰে আক্রমণাত্মক বেটিঙেৰে টীম ইণ্ডিয়াৰ ৰানৰ গতি বৃদ্ধি কৰিব লাগিব৷ প্রথম দুয়োখন মেচতে সুযোগ লাভৰ পিছতো তেওঁলোক ব্যর্থ হোৱাত টীম ইণ্ডিয়া বিপদৰ সন্মুখীন হয়৷ উইকেটৰক্ষক ঋষভ পণ্টৰ পৰা দলটোৱে পুনৰ এবাৰ আক্রমণাত্মক বেটিং আশা কৰিব৷ শ্রেয়াছৰ ধাৰাবাহিক ব্যর্থতাৰ ফলত তৃতীয় এদিনীয়াত মিডল অর্ডাৰ বেটছমেন সূর্যকুমাৰ যাদৱে মূল একাদশত সুযোগ পাব পাৰে৷

ইফালে, শক্তিশালী ভাৰতৰ বিৰুদ্ধে ২–০ৰ অগ্রগতিৰে এদিনীয়া শৃংখলা জয়ৰ পিছত ঘৰুৱা দল দক্ষিণ আফ্রিকাই হোৱাইট ৱাশ্বৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব৷ টপ অর্ডাৰৰ চমকপ্রদ ফর্মে দলটোক আত্মবিশ্বাসী কৰি ৰাখিছে৷ মন কৰিবলগীয়া যে ভাৰতে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত টেষ্ট শৃংখলাতো ১–২ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হৈছিল৷
খেলৰ সময়ঃ দিনৰ ২ বজা৷