৩৯ বছৰ পূৰ্বে আজিৰ দিনটোতে ইতিহাস ৰচিছিল টীম ইণ্ডিয়াই…

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ভাৰতীয় ক্ৰিকেট ইতিহাসত উল্লেখনীয় দিন হৈছে ২৫ জুন। ভাৰতীয় দলটোৱে ৩৯ বছৰ পূৰ্বে ১৯৮৩ চনৰ ২৫ জুনত আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে বিশ্ব ক্ৰিকেটত আসন দখল কৰি প্ৰথম বিশ্বকাপ জয়ৰ সোৱাদ লাভ কৰিছিল। সেইদিনা কপিল দেৱ বাহিনীয়ে ইতিহাসৰ পাতত টীম ইণ্ডিয়াৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিলে। আৰু আজি সেই দিনটোৰ বাবেই ভাৰতত ক্ৰিকেট কেৱল খেলেই নহয় এক আৱেগ হৈ পৰিছে।

১৯৮৩ চনৰ ২৫ জুনত কপিল দেৱ নেতৃত্বাধীন ভাৰতীয় দলে লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’বলৈ সক্ষম হয়।

একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’বলৈ ৱেষ্ট ইণ্ডিজক প্ৰয়োজন হৈছিল মাত্ৰ ১৮৪ ৰানৰ। পেভিলিয়নত মৌন হৈ পৰিছিল ভাৰতীয় অনুৰাগীসকল। ৱেষ্ট ইণ্ডিজ শিবিৰটোৱে অতি আত্মবিশ্বাসী আছিল যে তেওঁলোকৰ জয় নিশ্চিত। কিন্তু শেষত কপিল দেৱৰ নেতৃত্বত ভাৰতীয় দলে আত্মবিশ্বাসেৰে খেলপথাৰত নামি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয়। ইপিনে সেই বিশ্বকাপৰ পাছত ৱেষ্ট ইণ্ডিজে আজিলৈকে এদিনীয়া বিশ্বকাপ জয় কৰিব পৰা নাই।

সেই জয়ে ভাৰতীয় ক্ৰিকেটক আন এক গতি প্ৰদান কৰিছিল । দেশ নৱ-প্ৰজন্ম ক্ৰিকেটৰ প্ৰতি উদ্বুদ্ধ হৈছিল । ভাৰতীয় দলৰ জাৰ্চি পিন্ধাৰ সপোন দেখিছিল তৰুণ ক্ৰিকেটাৰসকলে ।

Featured