৩ বছৰৰ পাছত ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই পি এলৰ মেচঃ সকলো প্ৰস্তুতি সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৮ মেঃ  ইডেন গাৰ্ডেনৰ ঐতিহাসিক খেলপথাৰখনত আই পি এলৰ ১৫ সংখ্যক ছিজনৰ কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ’ব। ২৪ মে’ৰ পৰা আৰম্ভ হ’ব IPL প্লে অফৰ খেলসমূহ। প্ৰথমখন কোৱালিফায়াৰ মেচৰ বাবে সকলো সাজু হৈছে ইডেন গাৰ্ডেন।

এই সন্দৰ্ভত তথ্য দি ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি অভিষেক ডালমিয়াই কয় যে, “আমি সকলোৱে ইয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। আচলতে ২০১৯ চনত শেষবাৰৰ বাবে আয়োজন কৰাৰ পিছত তিনি বছৰৰ ব্যৱধানৰ পিছত আমি আই পি এল আয়োজন কৰিছো। যোৱা কেইবছৰমানৰ পৰা আপোনালোকে জানে যে ইয়াক ইউ এ ইলৈ স্থানান্তৰ কৰা হৈছে আৰু এই বছৰো মুম্বাইত মেচ অনুষ্ঠিত হৈছে।”