নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ এপ্রিল–মে’ত ভাৰতত সৃষ্টি হোৱা মহামাৰী ক’ভিড–১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে আধাতে বন্ধ হোৱা আই পি এল আজিৰে পৰা পুনৰ আৰম্ভ হ’ব৷ ইউনাইটেড আৰব এমিৰেটছত পুনৰ আৰম্ভ হ’বলগীয়া মেগা ইভেণ্টখনৰ দ্বিতীয় লেগৰ প্রথমখন মেচত প্রাক্তন চেম্পিয়ন মুম্বাই ইণ্ডিয়ান আৰু চেন্নাই ছুপাৰ কিংছে সন্মুখ সমৰত নামিব৷ ৭খন মেচৰ মাত্র তিনিখনত জয় সাব্যস্ত কৰা ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে স্বাভাৱিক ছন্দলৈ উভতি অহাৰ লক্ষ্যৰে আজিৰে নিশা খেলপথাৰত নামিব৷
উল্লেখ্য যে এপ্রিল–মে’ত হৈ যোৱা মেচসমূহত অধিনায়ক ৰোহিত শর্মাৰ বাহিৰে মুম্বাই ইণ্ডিয়ানছৰ আন বেটছমেনসকলে সুনাম অনুসৰি খেলিব পৰা নাছিল৷ বিশেষকৈ অলৰাউণ্ডাৰ হার্ডিক পাণ্ডিয়াৰ দুর্বল ফর্মে দলটোক বিপদত পেলাইছিল৷ ইউ এ ইত আৰম্ভ হ’বলগীয়া আই পি এলৰ দ্বিতীয় লেগত হার্ডিকৰ লগতে সূর্য কুমাৰ যাদৱ, ঈশান্ত কিষণ আৰু কিৰণ প’লার্ডৰ পৰা দলটোৱে বিস্ফোৰক বেটিং আশা কৰিছে৷
ইফালে বিগত বর্ষৰ আই পি এলৰ ব্যর্থতা পাহৰি এইবাৰ স্বাভাৱিক ছন্দলৈ উভতি অহা চেন্নাই ছুপাৰ কিংছে ইউ এ ইতো সুন্দৰ প্রদর্শনৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ উদীয়মান তাৰকা ৰিতুৰাজ গাইকোৱাড, ছেম কৰণে চমকপ্রদ প্রদর্শনেৰে চি এছ কেৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল৷ ইমৰান তাহিৰ, মঈন আলী আৰু ৰবিন্দ্র জাদেজায়ো অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল৷ দ্বিতীয় লেগত চেন্নাই ছুপাৰ কিংছে অধিনায়ক মহেন্দ্র সিং ধোনী আৰু তাৰকা বেটছমেন সুৰেশ ৰাইনাৰ চমকপ্রদ বেটিং আশা কৰিছে৷
মন কৰিবলগীয়া যে ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ দ্বিতীয় লেগত মুঠ ৩১খন মেচ খেলোৱা হ’ব৷ অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি বিশ্বৰ প্রতিগৰাকী খেলুৱৈৰ বাবে এইবাৰৰ আই পি এল গুৰুত্বপূর্ণ বিবেচিত হৈছে৷