গান্ধী জয়ন্তীত জজ ফিল্ডত প্রাইজমানী এথলেটিকছ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু অসম চৰকাৰৰ ক্রীড়া বিভাগ, অসম ক্রীড়া প্রাধিকৰণ তথা অসম অলিম্পিক সন্থাৰ সহযোগত অহা ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হ’ব এদিনীয়া প্রাইজমানী এথলেটিকছ প্রতিযোগিতা৷

অনুষ্ঠিত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে৷ প্রতিযোগিতাখনত ২১ বছৰ অনূর্ধ্বৰ ল’ৰা–ছোৱালীৰ ১০০, ২০০, ৪০০ মিটাৰ দৌৰৰ লগতে লং জাম্প আৰু হাই জাম্প অনুষ্ঠিত হ’ব৷ একেদৰে, পেৰা এথলীটসকলে ১০০ আৰু ২০০ মিটাৰত অংশ ল’ব পাৰিব৷ প্রথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত খেলুৱৈসকলে ক্রমে ১০ হাজাৰ, ৬ হাজাৰ আৰু ৪ হাজাৰ টকাৰ পুৰস্কাৰ লাভ কৰিব৷ মুঠ দুই লাখ ৪০ হাজাৰ টকাৰ প্রাইজমানী সন্নিৱিষ্ট এথলেটিকছ প্রতিযোগিতাখন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে উদ্বোধ কৰিব৷