১৪০ কিঃমিঃ বেগেৰে বলিঙৰ লক্ষ্য মহম্মদ ছামিৰ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ আই পি এলত দুর্দান্ত বলিঙেৰে উজলি উঠাৰ পাছত টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ মহম্মদ ছামিয়ে এইবাৰ অষ্ট্রেলিয়া ভ্রমণত তীব্র বেগৰ বলেৰে চমক সৃষ্টিৰ লক্ষ্য লৈছে৷ বি চি চি আইৰ ৱেবছাইটত প্রকাশিত এক সাক্ষাৎকাৰত তেওঁ কয় যে অষ্ট্রেলিয়াৰ গতিময় উইকেটত ভাৰতীয় বেগী বলাৰসকলে ১৪০ কিঃমিঃ গতিৰে বল কৰিব লাগিব৷ শেহতীয়া ভ্রমণসমূহত ভাৰতীয় বেগী বলিং আক্রমণে প্রতিপক্ষক শ’লঠেকত পেলাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি ছামিয়ে লগতে কয় যে আগন্তুক টেষ্ট শৃংখলাত তেওঁলোকৰ প্রধান লক্ষ্য হ’ব প্রতিখন মেচত ২০টাকৈ উইকেট দখল কৰা৷