ক্লীন এণ্ড জার্কত বিশ্বাভিলেখ মীৰাবাঈৰ

 নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ প্রাক্তন বিশ্ব চেম্পিয়ন ভাৰতৰ মীৰাবাঈ চানুৱে ক্লীন এণ্ড জার্কত নতুন বিশ্বাভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ টাছকেণ্টত চলি থকা এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ ক্লীন এণ্ড জার্কত ১১৯ কেজি উত্তোলন কৰি মীৰাবাঈ চানুৱে বিশ্বাভিলেখটো স্থাপন কৰে৷ প্রতিযোগিতাখনৰ ৪৯ কেজি শাখাত অংশগ্রহণ কৰা মীৰাবায়ে মুঠ ২০৫ কেজি উত্তোলন কৰি তৃতীয় স্থান লাভ কৰে আৰু ব্রঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়৷ প্রতিযোগিতাখনত মুঠ ২০৫ কেজি উত্তোলন কৰি নিজৰেই ৰাষ্ট্রীয় অভিলেখ ভংগ কৰা প্রাক্তন বিশ্ব চেম্পিয়নগৰাকীয়ে স্নেটছত ৮৬ কেজি উত্তোলন কৰে৷

উল্লেখ্য যে ইয়াৰ পূর্বে ক্লীন এণ্ড জার্কৰ বিশ্বাভিলেখটো আছিল ১১৮ কেজি৷ ইপিনে প্রতিযোগিতাখনত দুর্দান্ত প্রদর্শন দাঙি ধৰি ভাৰতীয় তাৰকা মহিলা ভাৰোত্তোলকগৰাকীয়ে চলিত বছৰৰ জুলাই আৰু আগষ্ট মাহত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈও যোগ্যতা অর্জন কৰাটো খাটাং হৈ পৰিছে৷ ২৭ বছৰীয়া মীৰাবাঈ চানুক নতুন বিশ্বাভিলেখ গঢ়াৰ বাবে অভিনন্দন জনাইছে ভাৰতৰ ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে৷

ইফালে, ভাৰতৰ তাৰকা পুৰুষ ভাৰোত্তোলক সতীশ কুমাৰ শিৱলিংগমেও ক্লীন এণ্ড জার্কত বিশ্বাভিলেখ গঢ়ি প্রথমগৰাকী ভাৰতীয় মহিলাৰূপে কৃতিত্ব অর্জন কৰা মীৰাবাঈক অভিনন্দন জনায়৷

উল্লেখ্য যে প্রতিযোগিতাখনৰ মহিলাৰ ৪৯ কেজি শাখাত চীনৰ হ’উ ঝিহুই স্বর্ণপদক লাভ কৰাৰ লগতে সতীর্থ জিয়াং হুইহুৱায়ে ৰূপৰ পদক লাভ কৰে৷ ইপিনে ভাৰতৰ ঝিলি ডালাবেহেৰাই ৪৫ কেজি শাখাত স্বর্ণপদক দখল কৰে৷ ভাৰতীয় ভাৰোত্তোলকগৰাকীয়ে মুঠ ১৫৭ কেজি উত্তোলন কৰি শ্রেষ্ঠত্ব অর্জন কৰে৷