চেন্নাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকছত নিজ গৰৈমাৰীৰ মৰমী ৰয়ৰ ৰূপৰ পদক

নিয়মীয়া বাৰ্তা, ১৩ মেঃ শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ নিজ গৰৈমাৰী গাঁও পঞ্চায়তৰ চলাগাঁৱৰ মৰমী ৰয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত তিনিটাকৈ ৰূপৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । মৰমী ৰয়ে চেন্নাইত অনুষ্ঠিত ৪২সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ এথলেটিকছ চেম্পিয়নশ্বিপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি তিনিটাকৈ ৰূপৰ পদক লাভ কৰে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম বৰা