আই এছ এলত জয়েৰে অভিযান আৰম্ভ নর্থ ইষ্ট ইউনাইটেডৰ

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে চলিত আই এছ এলত জয়েৰে অভিযান আৰম্ভ কৰিছে৷ গোৱাত আজি অনুষ্ঠিত এখন মেচত দলটোৱে মুম্বাই চিটী এফ চিক ১–০ গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ আৰম্ভণিৰে পৰা আক্রমণ–প্রত্যাক্রম ভৰপূৰ মেচখনৰ প্রথমটো অর্ধ গ’লশূন্যভাৱে সামৰণি পৰে৷ কিন্তু দ্বিতীয়ার্ধৰ আৰম্ভণিতে নর্থ–ইষ্ট ইউনাইটেডে সফলতা অর্জন কৰিবলৈ সক্ষম হয়৷

৪৯ মিনিটত বিদেশী তাৰকা কেউচি আপিয়াই এটা পেনাল্টী গ’ললৈ ৰূপান্তৰিত কৰি উত্তৰ–পূবৰ দলটোৰ জয় নিশ্চিত কৰে৷ মন কৰিবলগীয়া যে মেচখনৰ ৪৩ মিনিটত ফাউলৰ বাবে ৰেড কার্ড লাভ কৰে মুম্বাই চিটী এফ চিৰ অন্যতম ভৰসা আহমেদ জাহুৱে৷ ইয়াৰ পাছত দলটোৱে ১০গৰাকী খেলুৱৈৰে খেলিবলগীয়া হয়৷ দ্বিতীয়ার্ধত ইয়াৰ সুবর্ণ সুযোগ গ্রহণ কৰি নর্থ–ইষ্ট ইউনাইটেডে সফলতা অর্জন কৰিবলৈ সক্ষম হয়৷ এই জয়েৰে নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে সম্পূর্ণ তিনি পইণ্ট অর্জন কৰে৷

Featured