ডুবাইত গাংগুলীৰে বৈঠকঃ টীম ইণ্ডিয়াৰ পৰৱর্তী প্রশিক্ষক ৰাহুল দ্রাবিড়

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: ‘দ্য ৱাল’ নামেৰে বিশ্ব ক্রিকেটত সমাদৃত ভাৰতৰ একালৰ কিংবদন্তি বেটছমেন ৰাহুল দ্রাবিড় টীম ইণ্ডিয়াৰ পৰৱর্তী প্রশিক্ষক হ’ব৷ সমাগত আই চি চি টি–২০ বিশ্বকাপৰ সামৰণিৰ লগে লগে চুক্তিৰ ম্যাদ অন্ত পৰিবলগীয়া বর্তমানৰ প্রশিক্ষক ৰবি শাস্ত্রীৰ স্থানত বি চি চি আয়ে দ্রাবিড়ক নতুন প্রশিক্ষক নিযুক্ত কৰিছে৷

নৱেম্বৰত ঘৰৰ মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ সময়ত দ্রাবিড়ে টীম ইণ্ডিয়াৰ প্রশিক্ষক হিচাপে কার্যভাৰ গ্রহণ কৰিব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এগৰাকী জ্যেষ্ঠ বিষয়াই আজি পুৱা এই কথা ঘোষণা কৰে৷ ‘বি চি চি আইৰ অনুৰোধ ৰক্ষা কৰি ৰাহুল দ্রাবিড়ে ২০২৩ৰ এদিনীয়া বিশ্বকাপলৈ ভাৰতীয় দলৰ প্রশিক্ষকৰ দায়িত্ব পালন কৰিবলৈ সন্মতি প্রকাশ কৰিছে৷ আৰম্ভণিতে তেওঁ বি চি চি আইৰ প্রস্তাৱ মানি লোৱা নাছিল যদিও সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ সৈতে হোৱা বিস্তৃত আলোচনাৰ অন্তত দ্রাবিড়ে প্রশিক্ষক হ’বলৈ সন্মতি প্রকাশ কৰিছে৷ আই পি এলৰ ফাইনেল চলি থকাৰ মাজতে তেওঁলোকে যোৱানিশা ডুবাইত গুৰুত্বপূর্ণ বৈঠকত মিলিত হৈছিল৷’– ব’ডৰ বিষয়াগৰাকীয়ে এইদৰে কয়৷

মন কৰিবলগীয়া যে বিগত ছবছৰ ধৰি ভাৰতীয় এ দল আৰু ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় দলৰ প্রশিক্ষকৰ দায়িত্বত থকা ৰাহুল দ্রাবিড় বর্তমান বেংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ মুৰব্বীৰ আসনতো আছে৷ দুই–এদিনৰ ভিতৰতে তেওঁ ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ মুৰব্বীৰ দায়িত্ব ত্যাগ কৰিব৷ ইফালে, দ্রাবিড়ৰ বিশ্বাসযোগ্য সংগী হিচাপে পৰিচিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীৰ প্রশিক্ষক পৰশ মাম্ব্রে ভাৰতীয় দলৰ বলিং প্রশিক্ষক নিযুক্ত হ’ব৷ বিক্রম ৰাথোড়ে বেটিং প্রশিক্ষক হিচাপে অক্ষুণ্ণ থকাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে বর্তমান ভাৰতীয় দলত খেলি থকা অধিকাংশ উদীয়মান তাৰকাক ৰাহুল দ্রাবিড় আৰু পৰশ মাম্ব্রেই আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ বাবে সাজু কৰি তুলিছিল৷ ঋষভ পণ্ট, শুভমন গিল, ঈশান কিষণ, পৃথ্বি শ্ব, আভেছ খান, হনুমা বিহাৰী আদিৰ দৰে যুৱ তাৰকাই ভাৰতীয় ১৯ বছৰ অনূর্ধ্ব আৰু ভাৰতীয় এ দলত খেলি থকাৰ সময়ত প্রশিক্ষক দ্রাবিড়ৰ সান্নিধ্য লাভ কৰিছিল৷ দ্রাবিড়ক বি চি চি আয়ে টীম ইণ্ডিয়াৰ প্রশিক্ষকৰ দায়িত্ব অর্পণৰ সিদ্ধান্তক আদৰণি জনাইছে সমগ্র বিশ্বৰ ক্রিকেট মহলে৷

Featured